NORTHEAST NOW (Assamese)
অসম

মহানগৰীত ধুমুহাৰ তাণ্ডৱ : বিজেপিৰ হেলিপেডৰ কাৰ্য্যালয়, লতাশিলৰ বিহুতলীৰ মণ্ডপ তচনচ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 17, 2019 12:09 pm
BJP Office damaged

পুৱতি নিশা মহানগৰত ধুমুহাৰ তাণ্ডৱৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ভিন্ন অংশত ব্যাপক ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। বহুকেইখন বিহুতলীৰ মণ্ডপ ধুমুহাই চেপেটা কৰি পেলোৱাৰ উপৰি খানাপাৰা খেলপথাৰত থকা বিজেপিৰ হেলিপেডৰ অস্থায়ী কাৰ্য্যালয়টোও ধুমুহাই তচনচ কৰি পেলায়।

আনহাতে একে ঠাইতে থকা গেৰুৱা দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যালয় এটাও ধুমুহাৰ ফলত নিশ্চিহ্ন হৈ পৰে। মহানগৰীৰ জি এছ ৰোডতো বিভিন্ন স্থানত গছ বাগৰি পৰে।

প্ৰচণ্ড ধুমুহাৰ ফলত ভাগি পৰে লতাশিল বিহুৰ মঞ্চ আৰু ৰভাঘৰো। লতাশিল বিহুৰ আজি অন্তিম দিনৰ কাৰ্য্যসূচী আছিল আৰু ঐতিহাসিক বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা অন্যতম কাৰ্য্যসূচী আছিল। প্ৰতি বছৰে আয়োজন কৰি অহা আৰু গোটেই অসমৰ দৃষ্টি থকা এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ বাবে আয়োজকসকলে ধুমুহাই বিধ্বস্ত কৰা মঞ্চ যুদ্ধকালীন তত্পৰতাৰে পুনৰ নিৰ্মাণত লাগিছে।

মালিগাঁও, চানমাৰি আৰু আন বহুকেইঠাইৰ বিহুতলীৰ পেণ্ডেলো ধুমুহাই ভাঙি পেলোৱাৰ খবৰ পোৱা গৈছে।

ধুমুহাৰ ফলত বহু ঠাইত গছ পৰি পথ বন্ধ হৈ পৰাৰ লগতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ মহানগৰীবাসীৰ দৈনন্দিন স্বাভাৱিক গতিশীলতাক প্ৰভাৱিত কৰিছে।