NORTHEAST NOW (Assamese)
অসম

ধিঙৰ আঠগাঁও চাপৰিত খাদ্যত বিষক্ৰিয়া হৈ শিশু, মহিলাকে ধৰি ১৬ জন অসুস্থ

Posted by: এন ই নাও নিউজ April 17, 2019 1:14 pm
Food-poisoning-in-Dhing-over-16-including-kids-hospitalised-750x430

মঙলবাৰে নিশা ধিঙৰ আঠগাঁও চাপৰিত শিশু, মহিলাকে ধৰি প্ৰায় ১৬ জন লোক খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন হ’ব লগীয়া হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিকিৎসাধীন হৈ থকা লোক কেইজনৰ ভিতৰত ১৪গৰাকী শিশু আৰু দুগৰাকী মহিলা।

চিকিৎসাধীন লোক সকলৰ পৰা জানিব পৰা মতে বুধবাৰে নিশা ধিঙৰ আঠগাঁও চাপৰি অঞ্চলত সেইসকল লোকে এক সমূহীয়া অনুষ্ঠানত অংশ লৈছিল। সেই অনুষ্ঠানত তেওঁলোকে চালানী মাছ আৰু পনীৰ খাইছিল আৰু ইয়াৰ কিছু সময় পিছতেই তেওঁলোকৰ মূৰঘূৰণি, বমি আদি হোৱাত লগে লগে ওচৰৰে স্বাস্থ্য কেন্দ্ৰ এটালৈ লৈ যোৱা হয়।

জানিব পৰা মতে বৰ্তমানো লোকসকল স্বাস্থ্য কেন্দ্ৰটোতে চিকিৎসাধীন হৈ আছে। বিষক্ৰিয়া সন্দৰ্ভত এগৰাকী চিকিৎসাধীন মহিলাই কয়, ‘মঙলবাৰে নিশা আমি এখন সমূহীয়া ভোজত অংশ লৈছিলো আৰু তাত মাছ আৰু পনীৰ খোৱাৰ পিছৰে পৰা মোৰ লগতে মোৰ ল’ৰা-ছোৱালীৰ গাতো বেয়া লাগিব ধৰে আৰু কিছু সময়ৰ পিছত বমি আৰম্ভ হয়’।

ইফালে স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসকে খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন হৈ থকা লোক সকলৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা কিছু পৰিমাণে উন্নতি হোৱা বুলি জনাইছে।