NORTHEAST NOW (Assamese)
অসম

T20 World Cup 2024: গ্ৰুপৰ শীৰ্ষত থাকিও বিশ্বকাপৰ পৰা বাহিৰ হ’ব পাৰে টীম ইণ্ডিয়া? জানি লওক সমীকৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2024 11:55 am

চলিত টী-২০ বিশ্বকাপৰ ছুপাৰ এইট পৰ্যায়ৰ যুঁজ ইতিমধ্যে যথেষ্ট তীব্ৰতৰ হৈ পৰিছে। গ্ৰুপ ৱানৰ কোন দুটা দলে শেষ চাৰিটাৰ যুঁজত প্ৰৱেশ কৰিব সেয়া হ’ব লক্ষ্যণীয়। শেহতীয়াকৈ অষ্ট্ৰেলিয়া ক্ৰিকেট দল আফগানিস্তানৰ হাতত ২১ ৰানত পৰাস্ত হয়। এই মেচত পৰাজয়ৰ পাছত অষ্ট্ৰেলিয়া টী-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে।

যদিহে অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰিব পাৰে তেন্তে মিচেল মাৰ্ছৰ দলৰ সন্মুখত ছেমি ফাইনেলত যোৱাৰ এটা পথ মুকলি হ’ব। আনহাতে এই এটা পৰাজয়ে যে ৰোহিত শৰ্মাৰ ৰক্তচাপ বহুখিনি বৃদ্ধি কৰিব সেয়া কোৱা বাহুল্য।

এই বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলে পৰৱৰ্তী খেলখন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। যদি এই মেচত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব পাৰে, তেন্তে ৰোহিত শৰ্মাৰ দলটোৱে সহজেই ছেমি ফাইনেলত প্ৰৱেশ কৰিব। তদুপৰি, যদি বৰষুণৰ বাবে এই মেচখন বাতিল হৈ পৰে, তেন্তে টীম ইণ্ডিয়াই শেষ চাৰিৰ যুঁজত অৱতীৰ্ণ হ’ব।

লগতে পঢ়কঃ ICC T-20 World Cup: বাটলাৰৰ বেটিং ধুমুহাত বিধ্বস্ত আমেৰিকা; ১০ উইকেটত জয়লাভ কৰি ছেমি ফাইনেলত ইংলেণ্ড

কিন্তু, যদি ভাৰতীয় ক্ৰিকেট দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই মেচত পৰাস্ত হয় আৰু আফগানিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াই জয়ী হয়, তেন্তে টীম ইণ্ডিয়াৰ চিন্তা বাঢ়িব পাৰে। কাৰণ সেই ক্ষেত্ৰত তিনিওটা দলেই ৪ পইণ্টত থিয় দিব। ইয়াৰ পিছতে শীৰ্ষ দুটা দলৰ সন্মুখত ছেমি ফাইনেলৰ পথ মুকলি হ’ব।

এই পৰিস্থিতিত যদি ভাৰতীয় ক্ৰিকেট দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪২ বা তাতকৈ অধিক ৰাণত পৰাস্ত হয়, আৰু আফগানিস্তানে বাংলাদেশক ৮৩ বা তাতকৈ অধিক ৰানত পৰাস্ত কৰে, তেন্তে টীম ইণ্ডিয়াই প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আহিবলগীয়া হ’ব পাৰে।

২৪ জুন (সোমবাৰে) ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত মেচ অনুষ্ঠিত হ’ব । এই মেচত ভাৰতীয় ক্ৰিকেট দলে ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিবলৈ যিকোনো মূল্যৰ বিনিময়ত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিব বিচাৰিব।

লগতে পঢ়কঃ হজত মৃতকৰ সংখ্যা ১৩০০ অতিক্ৰম; ছৌদি আৰৱৰ দাবী ৮৩ শতাংশই অবৈধ হজযাত্ৰী!

দুয়োটা দলৰ সদস্যসকল:

ভাৰত – ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (সহ অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্য্যকুমাৰ যাদৱ, ঋষভ পন্ত (উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।

অষ্ট্ৰেলিয়া – মিচেল মাৰ্চ (অধিনায়ক), এষ্টন এগাৰ, পেট কামিন্স, টিম ডেভিদ, নাথান এলিছ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, গ্লেন মেক্সৱেল, মিচেল ষ্টাৰ্ক, মাৰ্কাছ ষ্টইনিছ, মেথিউ ৱেড, ডেভিড ৱাৰ্নাৰ আৰু এডাম জাম্পা।