• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ICC T-20 World Cup: বাটলাৰৰ বেটিং ধুমুহাত বিধ্বস্ত আমেৰিকা; ১০ উইকেটত জয়লাভ কৰি ছেমি ফাইনেলত ইংলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2024 8:08 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানক পৰাস্ত কৰি চমক দিলেও জোছ বাটলাৰৰ ইংলেণ্ডৰ সন্মুখত প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে। টী-২০ বিশ্বকাপৰ ছুপাৰ এইটৰ মেচত ইংলেণ্ডে আমেৰিকাক পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি আমেৰিকাই ১৮.৫ অভাৰত মাত্ৰ ১১৫ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ বেটছমেনসকলে ৯ অভাৰ ৪ টা বল খেলি এটাও উইকেট নেহেৰুৱাই সেই ৰান অতিক্ৰম কৰে।

ইংলেণ্ডৰ হৈ অকল অধিনায়ক জোছ বাটলাৰে ৩৮টা বলত ৮৩ ৰান সংগ্ৰহ কৰে। ফিলিপ ছল্টে তেওঁৰ সৈতে ২৫ ৰানৰ নিয়ন্ত্ৰিত ইনিংছ খেলিছিল। ক্ৰীছ জৰ্ডানে বলিংত শক্তি প্ৰদৰ্শন কৰে। মাত্ৰ ২.৫ অভাৰত ১০ ৰান দি ৪টা উইকেট দখল কৰে জৰ্ডানে। তেওঁ হেট্ৰিকও কৰে। মুঠতে ইংলেণ্ডে শক্তিশালী প্ৰদৰ্শনেৰে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিলে।

ইংলেণ্ডৰ অধিনায়ক বাটলাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অভাৰতে এণ্ড্ৰিছ গাউছৰ উইকেট হেৰুৱাইছিল আমেৰিকাই। অৱশ্যে পৰিস্থিতি চম্ভালে ষ্টিভেন টেইলৰ আৰু নীতিশ কুমাৰৰ যুটীয়ে। আদিল ৰছিদৰ স্পীনৰ সন্মুখত বাৰে বাৰে অস্বস্তিত পৰে আমেৰিকাৰ বেটছমেন।

Apply Now
ফটো সৌজন্যঃ আইচিচি।

ক্ৰীছ জৰ্ডানে বলিং কৰিবলৈ আহি চমক দেখুৱায়। তেওঁ মাত্ৰ ২.৫ অভাৰত ১০ ৰান দি ৪টা উইকেট দখল কৰে। জৰ্ডানে ইজনৰ পিছত সিজনকৈ ক’ৰী এণ্ডাৰছন, আলী খান আৰু সৌৰভ নেত্ৰভলাকাৰক আউট কৰি হেটট্ৰিক অৰ্জন কৰে। আদিল আৰু ক্ৰীছৰ পৰাক্তমত আমেৰিকাই ১১৫ ৰাণতে অল আউট হয়।

ইংলেণ্ডে ১১৬ ৰান সংগ্ৰহ কৰিবলৈ বেছি সময় নল’লে। কাৰণ বাটলাৰ বাহিনীৰ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে তাড়না আছিল। চলিত বিশ্বকাপত প্ৰথমবাৰৰ বাবে অধিনায়ক জোছ বাটলাৰে নিজৰ সামৰ্থ্য অনুসৰি খেলিলে। সেইবাবেই আমেৰিকা ছেদেলি-ভেদেলি হৈ পৰিল। ইংলেণ্ডে ৬ অভাৰৰ পাৱাৰ প্লে’ত ৬০ ৰান সংগ্ৰহ কৰে। পৰৱৰ্তী ৫৭ ৰান কৰিবলৈ তেওঁলোকে মাত্ৰ ২২টা বলহে লৈছিল। ৩৮ বলত ৮৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে বাটলাৰ। আনহাতে, ২১টা বলত ২৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ছল্ট। মুঠতে তেওঁলোকে অনায়াসে জয়লাভ কৰে।

ফটো সৌজন্যঃ আইচিচি।

উল্লেখ্য যে আমেৰিকাক পৰাস্ত কৰি ইংলেণ্ডে ৪ পইণ্টেৰে গ্ৰুপত শীৰ্ষস্থান দখল কৰে। তেওঁলোকৰ নেট ৰান ৰেট ১.৯৯২। দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া গ্ৰুপৰ অন্তিমখন খেলত জয়ী হোৱা দলটোৱেও অন্তিম চাৰিত প্ৰৱেশ কৰিব। আনহাতে, ছুপাৰ এইটত তিনিখন মেচত পৰাস্ত হোৱাৰ পিছত আয়োজক দেশ আমেৰিকাই বিশ্বকাপৰ পৰা আঁতৰি গ’ল।

ফটো সৌজন্যঃ আইচিচি।

সংক্ষিপ্ত স্কোৰঃ

আমেৰিকা : ১১৫/১০-১৮.৫ অভাৰ (নীতিশ ৩০, এণ্ডাৰছন ২৯, হৰমিত ২১, ক্ৰীছ জৰ্ডান ১০/৪)

ইংলেণ্ড: ১১৭/০-৯.৪ অভাৰ (বাটলাৰ ৮৩, ছল্ট ২৫)

ইংলেণ্ডে ১০ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd