NORTHEAST NOW (Assamese)
অসম

অতুল বৰা: জেঠত বিহু পতাসকলক চান্দা নিদিব, অসমীয়াৰ কাম নাচি থকাটোৱেই নহয়

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 17, 2019 8:50 pm
Coronavirus: All Rongali Bihu programmes cancelled in Guwahati

ৰঙালীৰ আনন্দ উদযাপন চলি থকাৰ মাজতে দিচপুৰৰ বিধায়ক অতুল বৰাই জেঠত বিহু পতাসকলক চান্দা নিদিবলৈ অসমবাসীক আহ্বান জনাইছে।

নাগৰিকত্ব বিধেয়কক লৈ নিজ দলৰ বিৰুদ্ধেই অৱস্থান লোৱা বিজেপিৰ জ্যেষ্ঠ বিধায়কজনে বুধবাৰে কৰিছে এই মন্তব্য।

পৰম্পৰা অনুসৰি ৰঙালী বিহু অসমীয়া ব’হাগ মাহতে নাসামৰি জেঠ-আহাৰতো বিহুৰ নামত সাংস্কৃতিক অনুষ্ঠান পতাৰ বিৰুদ্ধে দলৰ এখন নিৰ্বাচনী সভাতে তেওঁ সোচ্চাৰ হৈ পৰে।

“জেঠত বিহু পতাসকলক চান্দা-বৰঙণি একোৱেই নিদিব। নাচি থকাটোৱেই অসমীয়া জাতিৰ কাম নহয়। আমি নাচিবলৈ সাজু আছো, কিন্তু ব’হাগত নাচিম। জেঠ-আহাৰতো নাচি থাকিলে নচলিব।” বৰাৰ মন্তব্য।

জেঠত বিহু পতা বাবে নিজ সমষ্টিৰ অন্তৰ্গত চন্দ্ৰপুৰৰ এখন সমিতিক ধমক দিয়াৰ কথাও বৰাই উল্লেখ কৰে।

“চন্দ্ৰপুৰৰ ঠাকুৰকুছিত মোক জেঠ মাহত পতা বিহুলৈ আমন্ত্ৰণ জনাইছে। মই ধমকি দিছো। ভৱিষ্যতে জেঠত বিহু পাতিলে মই নাহো বুলি কৈছো।” মন্তব্য বিধায়কজনৰ।

Don't donate for Bihu functions organised after Bohag month, Atul Bora pleads people of Assam
বুধবাৰে বিজেপিৰ অসম প্ৰভাৰী মহেন্দ্ৰ চিঙৰ সৈতে অতুল বৰা।

আনহাতে আসন্ন লোকসভা নিৰ্বাচনত গুৱাহাটীৰ অন্তৰ্গত দিচপুৰ সমষ্টিৰ পঞ্চায়ত আৰু ৱাৰ্ড পৰ্য্যায়ৰ বিজেপি কৰ্মীৰ বাবে তেওঁ ঘোষণা কৰিছে এক পুৰস্কাৰ। যি পঞ্চায়ততে বিজেপিয়ে ভোট বেছিকৈ লাভ কৰিব, সেই পঞ্চায়তৰ বিজেপি কৰ্মীক বৰাই দিব ১০ হাজাৰ টকাৰ পুৰস্কাৰ লগতে দিব একোটা ত্ৰফি।

‘মই গ্ৰাম্য অঞ্চলৰ পঞ্চায়তসমূহত কৈছো, যি পঞ্চায়তত বেছিকৈ ভোট পায়, সেই পঞ্চায়তৰ বিজেপি কৰ্মকৰ্তাক ১০ হাজাৰ টকাকৈ আৰু একোটাকৈ ট্ৰফী পুৰস্কাৰ দিম। মই ইয়াতো কৈছো, এই ৱাৰ্ডত বেছিকৈ ভোট পালেও কিবা এটা পুৰস্কাৰ থাকিব।‘ হেঙেৰাবাৰীৰ ২৫ নং ৱাৰ্ডত এক নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি এই ঘোষণা কৰে দিচপুৰৰ বিধায়কগৰাকীয়ে।