NORTHEAST NOW (Assamese)
অসম

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 21, 2025 8:49 pm

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে বৃহস্পতিবাৰে ৰাজ্যপালসকলে বিধেয়ক পেলাই ৰখাৰ বিষয়ত মৌখিক প্ৰশ্ন উত্থাপন কৰে যে ৰাজ্যপালসকলে বিধেয়কসমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কৰি ৰাখিব পাৰেনে? যদি ৰাজ্যপালসকলে দিনৰ পিছত দিন বিধেয়কসমূহ পেলাই ৰাখে তেন্তে ই বিধানসভাকে অসাৰ কৰি তুলিব পাৰে। এনে পৰিস্থিতিত হস্তক্ষেপ কৰাৰ কোনো ক্ষমতা নাই নেকি আদালতৰ?

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ সূৰ্য কান্ত, বিক্ৰম নাথ, পি এছ নৰসিংহ আৰু এ এছ চন্দুৰকাৰেৰে গঠিত সংবিধান বিচাৰপীঠত শুনানি অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত কয় যে ন্যায়পালিকাৰ ৰাজ্যপাল বা ৰাষ্ট্ৰপতিক নিৰ্দেশনা দিয়াৰ অধিকাৰ নাই।

ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশ গাভাইয়ে কয়, ধৰি লওক এটা নিৰ্দিষ্ট কাম আছে যিটো ৰাজ্যপালৰ ওপৰত ন্যস্ত কৰা হৈছে, এনে ক্ষেত্ৰত কি হ’ব? কাৰণ সাংবিধানিক সংশোধনীৰ মৌলিক গাঁথনি ধ্বংস হ’লে ন্যায়পালিকাই ইয়াৰ ব্যাখ্যা বা ইয়াক খৰ্ব কৰিব পাৰে, আৰু তেনেদৰে সাংবিধানিক কৰ্তাসকল কিমান উচ্চ স্থানত আছে যে তেওঁলোকে কাম নকৰিলে সেই ক্ষেত্ৰত আদালতৰ কোনো ক্ষমতা নাই?

বিধেয়কখনক সন্মতি দিব পাৰি বা নাকচ কৰিব পাৰি। আমি সেইটোৰ মাজলৈ যাব নিবিচাৰো। তেওঁ কিয় সন্মতি দিলে বা নিদিলে বুলিও আমি চিন্তা নকৰো। কল্পনা কৰকচোন, বিধানসভাই গৃহীত কৰা আইন এখন সন্মানীয় ৰাজ্যপালে স্থগিত ৰাখিছে, তেতিয়া কি হ’ব?

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে বিধেয়কখনৰ ওপৰত ৰাজ্যপালৰ স্থিতিৰ বিষয়টো বিশুদ্ধ ৰাজনৈতিক সমস্যা সমাধানৰ বিষয়। কোনো কাৰণতে ই ন্যায়পালিকাৰ অধিকাৰক্ষেত্ৰত নাই। গণতান্ত্ৰিক ৰাজনৈতিক প্ৰক্ৰিয়াৰেহে এনে সমস্যা সমাধান কৰিব পৰা যায়। এই আদালত সংবিধানৰ ৰক্ষক। কিন্তু এনে কিছুমান সমস্যাও আছে যিবোৰ আদালতে সমাধান কৰিব নোৱাৰে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সন্মানীয় ৰাজ্যপালগৰাকীয়ে ৰাইজৰ ওচৰত উত্তৰ দিব নালাগে। তেনেক্ষেত্ৰত সংবিধান বিচাৰপীঠৰ প্রশ্ন হ’ল, যেতিয়া ৰাজ্যপালে বিধেয়কখন অনির্দিষ্টকাললৈ পেলাই ৰাখে তেতিয়া সমস্যা সমাধানৰ উপায় কি?

উল্লেখ্য যে এই গোচৰত তামিলনাডুৰ উপৰিও কেৰালা, পঞ্জাৱ আৰু পশ্চিমবংগও জড়িত হৈ আছে। এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অহা মঙলবাৰে ধাৰ্য কৰা হৈছে।