NORTHEAST NOW (Assamese)
অসম

আবেলি তিনি বজালৈকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৬০.৩৮ শতাংশ

Posted by: এন ই নাও নিউজ April 18, 2019 5:16 pm
18-04-19 Karbi Anglong- peoples casting vote (9)

আজি লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিত আবেলি তিনি বজালৈকে ভোটদানৰ হাৰ ৬০.৩৮ শতাংশ হৈছে। আবেলি পাঁচ বজালৈকে ভোটদান চলিবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধিৰ সম্ভাৱনা আছে।

আবেলি তিনি বজালৈকে কৰিমগঞ্জত ৬৩.৬৬ শতাংশ, শিলচৰত ৫৭.০৬ শতাংশ আৰু স্বায়ত্ত শাসিত জিলা সমষ্টিত ৬২.৭০ শতাংশ ভোটদান হৈছে।

আনহাতে, মঙলদৈ সমষ্টিত ৬২.৭৩ শতাংশ আৰু নগাঁওত ৫৬.৭৮ শতাংশ ভোটদান হৈছে।

ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান আবেলি ৫বজাত আনুষ্ঠানিকভাৱে অন্ত পৰিব যদিও ভোটদান কেন্দ্ৰ চৌহদৰ ভিতৰত ভোটদানৰ বাবে অপেক্ষা কৰা ভোটাৰসকলে ভোটাধিকাৰ সাৱ্যস্ত কৰালৈকে ভোটদান প্ৰক্ৰিয়া অব্যাহত থাকিব।

অসমৰ পাঁচটা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সৰ্বমুঠ ৫০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আজি অনুষ্ঠিত পাঁচটা সমষ্টিৰ ভোটগ্ৰহণ পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে আৰম্ভ হয় আৰু বৰ্তমানলৈকে কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ পোৱা হোৱা নাই।