NORTHEAST NOW (Assamese)
অসম

সৰভোগৰ প্রাক্তন বিধায়িকা প্ৰণীতা তালুকদাৰৰ দেহাৱসান

Posted by: এন ই নাও নিউজ April 21, 2019 8:42 am
pranita talukder

সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়িকা, শিক্ষয়িত্ৰী, সমাজকৰ্মী প্ৰণীতা তালুকদাৰৰ (৮৫) শনিবাৰে আবেলি গুৱাহাটীৰ দিচপুৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। বৃহত্তৰ বৰনগৰ অঞ্চলৰ প্ৰতিটো ৰাজনৈতিক আৰু আৰ্থ-সামাজিক দিশৰ সৈতে জড়িত থাকি তালুকদাৰে সৰভোগ বিধানসভা সমষ্টিৰ পৰা ১৯৬৭ আৰু ১৯৭২ চনত দুবাৰকৈ বিধায়িকা হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

১৯৩৫ চনত গুৱাহাটীৰ উজান বজাৰত জন্মগ্ৰহণ কৰা প্ৰণীতা তালুকদাৰে সৰভোগৰ প্ৰাক্তন বিধায়ক জননেতা তথা বৰনগৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ ঘনশ্যাম তালুকদাৰৰ লগত বিবাহপাশত আবদ্ধ হয়।

প্ৰনীতা তালুকদাৰ ১৯৬০ চনত বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্যনিৰ্বাহ কৰাৰ উপৰি বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপিকা হিচাপে কাম কৰাৰ লগতে বৰপেটা ছোৱালী মহাবিদ্যালয়তো ৮ বছৰ অধ্যাপনা কৰিছিল।

তালুকদাৰ কেন্দ্ৰীয় নাৰী আৰু শিশু কল্যাণ সমিতিৰো সভাপতি আছিল আৰু সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা পৰিচালনা সমিতিৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ আছিল।

সামাজিক তথা সাংস্কৃতিকভাৱেভাৱেও জনপ্ৰিয় তথা পৰিচিত তালুকদাৰে সৰভোগৰ মহিলাসকলক লগত লৈ গান্ধী ভৱনত কেইবাখনো স্বৰচিত নাটক আৰু নৃত্যনাটিকা মঞ্চস্থ কৰিছিল। ২০১৩ চনত তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা স্ত্ৰী-শক্তি বঁটা গ্ৰহণ কৰিছিল।

প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰীগৰাকীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সমিতিৰ সভাপতি ৰিপুন বৰা, জনিয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক, কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসকে ধৰি বৰনগৰ প্ৰেছ ক্লাব, ৰাধাগোবিন্দ ক্ৰীড়া সংগঠন আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।