NORTHEAST NOW (Assamese)
অসম

মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ প্ৰচাৰ নচলালে হিমন্তই

Posted by: পুলেন্দ্ৰ দাস April 21, 2019 8:46 pm
Kumar Dipak Das

ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য আজি বিয়লি ৫ বজাত অন্ত পৰে। প্ৰচাৰৰ অন্তিম দিনটোত প্ৰাৰ্থীসকলে নিজৰ নিজৰ সমৰ্থকক লগত লৈ বাইক ৰেলী তথা বিশাল বিশাল জনসভা আয়োজন কৰা পৰিলক্ষিত হয়।

এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি দলে ৰোড শ্ব’ৰ জৰিয়তে চলায় ব্যাপক নিৰ্বাচনী প্ৰচাৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে ৰোড শ্ব’ৰ জৰিয়তে “আকৌ এবাৰ মোদী চৰকাৰ” গীতটোৰ তালে তালে নৃত্য কৰি ভোটাৰক আকৰ্ষিত কৰিছে।

কিন্তু ৬ নং বৰপেটা লোকসভা সমষ্টিত অগপ, বিজেপি, বি পি এফ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ সমৰ্থনত লোকসভা সমষ্টিটোৰ অন্তৰ্গত কোনো ঠাইতে প্ৰচাৰ নচলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ লগে লগে কৰ্মীসকল অধিক উৎসাহী হৈ পৰে যদিও বৰপেটাত বিজেপি-অগপ-বিপিএফ কৰ্মীসকলক উৎসাহ দিবলৈ এদিনৰ বাবেও নাহিল মন্ত্ৰীগৰাকী।

বৰপেটাত মন্ত্ৰী শৰ্মাই কোনো এখন প্ৰচাৰ সভাতে অংশ নোলোৱাৰ আঁৰত মন্ত্ৰীগৰাকীৰ কিবা অন্তৰ্নিহিত উদ্দেশ্য আছে নেকি তাকে লৈ এতিয়া সমষ্টিটোৰ ভোটাৰৰ মাজত চলিছে সৰৱ চৰ্চা।

আনহাতে সমষ্টিটোৰ অগপ প্ৰাৰ্থী দীপক দাসৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও প্ৰচাৰ কাৰ্যত অংশ নল’লে।

ইফালে প্ৰচাৰৰ অন্তিম দিনা বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে ষ্টাৰ কেম্পেইনাৰৰ অবিহনেই বিশাল বাইক ৰেলী উলিয়াই।