NORTHEAST NOW (Assamese)
অসম

সমগ্র দেশতে বিজেপিৰ প্ৰতি প্রত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্ৰেছে : শচীন পাইলট

Posted by: এন ই নাও নিউজ April 22, 2019 8:35 am
SACHIN_PILOT_PTI

‘’সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছ দলে বিজেপিৰ প্ৰতি এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।‘’কামৰূপ জিলাৰ ছয়গাঁৱত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ উপ-মুখ্য মন্ত্ৰী শচীন পাইলটে এইদৰে কয়।

লোকসভা নিৰ্বাচনৰ ২৩ তাৰিখে অনুষ্ঠিত হ’ব লগা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানত দেওবাৰে ছয়গাঁও সমষ্টিৰ গৰৈমাৰীত কংগ্ৰেছ দলে আয়োজন কৰা বিশাল নিৰ্বাচনী সভাত ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজস্থানৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত বিজেপি দলৰ বাবে কংগ্ৰেছ দলে এক প্ৰত্যাহ্বান সৃষ্টি কৰি ৰাহুল গান্ধীৰ নেতৃত্বত দিল্লীত নতুন চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰে।

উল্লেখযোগ্য যে, ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটীয়ে ছয়গাঁও সমষ্টিৰ যুৱ কংগ্ৰেছ কমিটীৰ সহযোগত অনুষ্ঠিত কৰা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু দলটোৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে।

গৰৈমাৰী এফ এ আহমেদ কলেজ প্ৰাংগণত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়, কংগ্ৰেছ দলে সদায় ভাৰতৰ গণতন্ত্ৰৰ অস্তিত্ব ৰক্ষা কৰা, ধৰ্ম নিৰপেক্ষতা, বিভিন্ন ভাষা-ভাষীৰ লোকৰ মাজত সমন্বয় আৰু বিশ্বাস, সম্প্ৰীতি আদি অটুট ৰখাৰ বাবে কাম কৰি আহিছে। পিছে নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বই ত্ৰিপুৰাৰ লেখীয়াকৈ হিন্দু ৰাষ্ট্ৰ কৰিব বিচাৰিছে।‘’

কংগ্ৰেছ দলে কেতিয়াও অসমক হিন্দু ৰাষ্ট্ৰ কৰিব নিদিয়ে বুলি উল্লেখ কৰি বিজেপি দলে মিছা প্ৰলোভন, মিছা কথা, প্ৰৱঞ্চনাৰে গাদী দখল কৰি হিন্দুত্ব প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে যদিও মোদীৰ কাৰ্যকালত দেশত সৰ্বাধিক হিন্দু লোকহে ক্ষতিগ্ৰস্ত হৈছে বুলি গগৈয়ে মন্তব্য কৰে।

আনহাতে, গগৈয়ে ভাষণ প্ৰসংগত সৰ্বানন্দ আৰু হিমন্তৰ গাত লাচিতৰ পৰিৱৰ্তে বদনৰ তেজ আছে বুলি কটাক্ষ কৰাৰ লগতে তেওঁলোকে অসমৰ কলা-কৃষ্টি, সংস্কৃতি, সমন্বয় ধ্বংস কৰিবলৈ ওলাইছে বুলি মন্তব্য কৰি কংগ্ৰেছ দলে ইয়াক যিকোনো শক্তিৰ বিনিময়ত প্ৰতিহত কৰিব বুলি গগৈয়ে স্পষ্ট কৰি দিয়ে।