NORTHEAST NOW (Assamese)
অসম

বৰপেটাত নিম্নমানৰ খাদ্য যোগান ধৰাক লৈ ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ অসন্তুষ্টি

Posted by: পুলেন্দ্ৰ দাস April 22, 2019 10:29 pm
barpeta

কাইলৈ অনুষ্ঠিত হ’ব লগা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰপেটা জিলাৰ ১২১৪টা কেন্দ্ৰৰ বাবে নিয়োজিত প্ৰায় ৬১০০ গৰাকী বিষয়া-কৰ্মচাৰী আজি বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়।

উল্লেখ্য যে নিৰ্বাচনক লৈ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি দাবী কৰিছিল যদিও বিষয়া-কৰ্মচাৰীসকলে কেন্দ্ৰসমূহলৈ ৰাওনা হোৱাৰ পূৰ্বে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় মাধৱ চৌধুৰী মহাবিদ্যালয়ত। ভোটগ্ৰহণ কাৰ্যত জড়িত বিষয়া-কৰ্মচাৰীক জিলা প্ৰশাসনে নিম্ন মানৰ খাদ্য যোগান ধৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ কৰ্মচাৰীয়ে।

জিলা প্ৰশাসনে কোনো সুপৰিকল্পিত ব্যৱস্থা নোলোৱাৰ বাবেই বিষয়া-কৰ্মচাৰীসকলে খোৱাৰ বাবে দীঘল-দীঘল শাৰী পাতিব লগীয়া হোৱাৰ লগতে ঘণ্টা ঘণ্টা সময় অপেক্ষা কৰিব লগীয়া হয় বুলি একাংশ ক্ষুভিত বিষয়াই মন্তব্য কৰে।

ইয়াৰ উপৰি খাদ্যৰ নামত আলুৰ বাকলি নুগুচোৱা তৰকাৰী, আধা সিজা ভাত আৰু আধা সিজা মাছ যোগান ধৰে বিষয়া-কৰ্মচাৰীসকলক।

জিলা প্ৰশাসনৰ এনে অপৰিপক্ক কাৰ্যই এতিয়া ভোটগ্ৰহণত জড়িত বিষয়া-কৰ্মচাৰীসকলৰ মাজত বিশেষভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।