NORTHEAST NOW (Assamese)
অসম

Video|| ৰক্তাক্ত কোকৰাঝাৰ, নিৰ্বাচনী হিংসাত ঘায়েল এবছু কৰ্মী

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী April 23, 2019 10:35 pm
Loksabha poll violence: Three ABSU workers injured in Assam's Kokrajhar

দেশৰ সাধাৰণ নিৰ্বাচনৰ তৃতীয় তথা অসমত অন্তিম পৰ্য্যায়ৰ ভোট গ্ৰহণৰ দিনা এবছু কৰ্মীৰ ওপৰত আক্ৰমণেৰে ৰক্তাক্ত কোকৰাঝাৰত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য।

কোকৰাঝাৰ চহৰৰ গৌৰাং দলঙৰ সমীপত আৰু অসম অইলৰ কাষৰ সুভাষপল্লী পথত দুটা পৃথক পৃথক ঘটনাত তিনিজনকৈ এবছু কৰ্মী তথা ইউ পি পি এল সমৰ্থক গুৰুতৰভাৱে জখম হৈছে।

কোকৰাঝাৰৰ আৰ এন বি চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে আহত যুৱককেইজন। আহত যুৱককেইজন হৈছে ৰতন বসুমতাৰী (২২, তিনতিলা), খৌৰমদাও মুছাহাৰী (২৩, ৰয়নাডাব্ৰী) আৰু ধ্ৰুৱজিৎ ব্ৰহ্ম (২৯, মাউৰিয়াগাওঁ)।

সূত্ৰ অনুসৰি এবছু কৰ্মীকেইজন ভোটকেন্দ্ৰলৈ যোৱা অৱস্থাতে অচিনাক্ত দুৰ্বৃত্তই খেদি আহে আৰু লাঠীৰে নিৰ্বিচাৰে প্ৰহাৰ কৰে। মাৰত মূৰত গুৰুতৰভাৱে আঘাত পাইছে কৰ্মীকেইজনে।

ভোট গ্ৰহণ অন্ত পৰাৰ খন্তেক পূৰ্বে বিয়লি সংঘটিত ঘটনাটোত দুৰ্বৃত্তৰ দলটোৱে এবছু কৰ্মী তথা ইউপিপিএল সমৰ্থককেইজনৰ বাহন দুখনো (নং  এ এচ ১৬ ডি ১৩৬২ আৰু এ এচ ১৬ জি ৩২৭৫) ভাঙি লণ্ডভণ্ড কৰে।

চিকিৎসালয়ত উপস্থিত থকা প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইজলাৰীয়ে ঘটনাটোৰ তীব্ৰ গৰিহণা দি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে। ইউ পি পি এল প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই ঘটনাটোত বিজেপি মিত্ৰ বি পি এফ জৰিত থকা বুলি দাবী কৰিছে।

চিকিৎসালয়ত উপস্থিত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙেও সঠিক তদন্ত কৰি দোষীক শাস্তি দিয়াৰ আশ্বাস প্ৰদান কৰিছে।