NORTHEAST NOW (Assamese)
অসম

‘নিৰ্বাচন আয়োগ বিজেপিৰ পুতলা’

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক April 24, 2019 5:33 pm
24-04-19 Guwahati- Ripun Borah press conference (4) Election commission of India puppet of BJP, says APCC president Ripun Bora

অসমৰ আটাইকেইটা সমষ্টিতে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত বুধবাৰে এক সংবাদমেলযোগে দেশৰ নিৰ্বাচন আয়োগক শাসক দল বিজেপিৰ “পুতলা” বুলি গুৰুতৰ অভিযোগ আনিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীৰ অভিযোগ, বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগৰ পাছতো আয়োগে এই সন্দৰ্ভত গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা।

‘প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ আগদিনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নীৰ মালিকানাধীন ‘নিউজ লাইভ’ চেনেলত সাক্ষাৎকাৰ দি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে। আমি নিৰ্বাচনত আয়োগক লিখিত অভিযোগ দিছো। কালি যদিও অসমত নিৰ্বাচন শেষ হৈছে তথাপিটো ভাৰতৰ বাকী ৰাজ্যত নিৰ্বাচন হ’বলগীয়া আছে, কিন্তু তেনেক্ষেত্ৰত কালিও উক্ত চেনেলটোত তেওঁ যি সাক্ষাৎকাৰ দিছে সেইটোৱে ভোটাৰক প্ৰভাৱান্বিত কৰিব পাৰে। আমি লিখিত অভিযোগ দিয়াৰ পাছতো নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। গতিকে নিৰ্বাচন আয়োগ প্ৰকৃততে বিজেপি চৰকাৰৰ এটা পুতলাহে।’, গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত ৰিপুণ বৰাৰ মন্তব্য।

একেখন সংবাদমেলতে বৰাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কলকাতাত এখন সংবাদমেলত প্ৰথমতে নাগৰিকত্ব বিধেয়ক আহিব আৰু তাৰ পাছতহে এন আৰ চি আহিব বুলি কৰা মন্তব্যৰ গৰিহণা দিয়ে। উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত চলি থকা বিষয় এটাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কৰা মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে আদালতক অৱমাননাৰ বাবে নিজাববীয়া গোচৰ ৰুজু কৰাৰ বাবেও তেওঁ দাবী জনায়।

ইপিনে, অসমত আটাইকেইটা পৰ্য্যায়তে ব্যাপক হাৰত হোৱা ভোটদানত সন্তোষ প্ৰকাশ কৰি বৰাই কয়, ‘পৰিবৰ্তন বিচাৰিলেই ব্যাপক হাৰত ভোটত ৰাইজে ভোট দিয়ে। কালি ৰাইজে ব্যাপক হাৰত ভোট দিছে। ৰাইজৰ যি উৎসাহ দেখিছো ইয়াৰ পৰা এই স্পষ্ট হয় যে ৰাইজে শাসনাধিষ্ঠ বিজেপিৰ পৰা পৰিবৰ্তন বিচাৰিছে’।

লোকসভাত অসমত কংগ্ৰেছে ৮ৰ পৰা ১০ খন আসন পাব বুলি দাবী কৰি দলটোৰ নিজৰ তথা বিভিন্ন সমীক্ষাৰ ওপৰত ভিত্তি কৰি এই কথা কোৱা বুলি ৰিপুণ বৰাই কয়।

যথেষ্ঠ প্ৰত্যাহ্বান থকাৰ পাছতো কংগ্রেছে তীব্ৰ যুঁজ দিয়া বুলি মন্তব্য কৰি বিজেপিক নিৰ্বাচনত জোলোকে-জোলোকে পানী খুৱাই দিলে বুলিও বৰাই উল্লেখ কৰে।

অসমৰ অধিকাংশ বুদ্ধিজীৱীয়ে খুব ভাল সিদ্ধান্ত লৈছে আৰু তেওঁলোকৰ ভূমিকা যথেষ্ট যোগাত্মক বুলিও বৰাই কয়। তেওঁ লগতে কয় যে এইবাৰ কংগ্ৰেছৰ পক্ষত মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। বহুতে বিবেক ভোট আৰু নীৰৱ ভোট প্ৰদান কৰিছে।

দুই এক মিডিয়াৰ বাদে সংবাদ মাধ্যমৰ ভূমিকা নিৰপেক্ষ আৰু ধনাত্মক বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে।

আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি বৰাই কয়, ‘নৰেন্দ্ৰ মোদী হতাশ হৈছে। মোদীয়ে ইতিমধ্যে পৰাজয় স্বীকাৰ কৰিছে। ২০১৪ আৰু ২০১৬ চনত মোদীৰ যি ‘বডি লেংগুৱেজ’ আছিল, সেয়া এইবাৰ নিষ্ক্ৰিয়। তেওঁৰ মুখ আৰু চকুত আগৰ উজ্জ্বলতা নাই। ভিতৰি ভিতৰি তেওঁলোকে বুজি পাইছে যে তেওঁৰ পৰাজয় নিশ্চিত’।

অসমত হিমন্ত বিশ্ব শৰ্মাই উদ্ভট নৃত্য কৰি কৃত্ৰিম প্ৰচাৰ চলোৱা আৰু দুঃশ্চিন্তা ঢাকিবলৈ তেওঁ এইবিলাক কৰিছে বুলিও ৰিপুণ বৰাই মন্তব্য কৰে।