NORTHEAST NOW (Assamese)
অসম

গছ থাকিলেহে মানুহ থাকিব; জেএনভিত হাফলং প্ৰেছ ক্লাবৰ ১০০ গছপুলি বিতৰণ

Posted by: পংকজকুমাৰ দেব April 24, 2019 9:21 pm
ডিমা হাচাও জিলাৰ সেউজীয়া পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে সাজু হৈছে হাফলং প্ৰেছ ক্লাবৰ সদস্যসকল। অনাগত দিনত পাহাৰীয়া জিলাৰ বিভিন্ন প্ৰান্তত অৱস্থিত শিক্ষা প্ৰতিষ্ঠানত গছপুলি বিতৰণ কৰিব সংবাদকৰ্মীসকলে। আজি ছনটিলাত জেএনভিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ১০০ টা গছপুলি বিতৰণ কৰি কেমেৰাৰ সম্মুখত এই কথা সদৰী কৰে হাফলং প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাসে।
তেওঁ কয়  প্ৰথম পদক্ষেপ হিচাপে হাফলঙৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগত থকা নৱনিৰ্মিত জৱাহৰ নবোদয় বিদ্যালয়ক বাছি লোৱা হৈছে। ১০০ টা গছ পুলি ছাত্ৰ-ছাত্ৰীসকলৰ হাতত তুলি দিয়ে হাফলং প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাস, সম্পাদক বিপ্লৱকুমাৰ দেব, ক্লাৱৰ কোষাধ্যক্ষ পংকজকুমাৰ দেব, সংবাদ কৰ্মী স্বদ্বীপ হাছাম, পংকজ টিমুঙ, সূৰজ বৰ্মণ  আদিয়ে।
এই গছপুলি বিতৰণ অনুষ্ঠানত জেএনভিৰ অধ্যক্ষ, শিক্ষকসকল উপস্থিত আছিল। উল্লেখযোগ্য যে প্ৰেছ ক্লাবৰ এই অনুষ্ঠানত গছপুলি দি সহযোগ কৰিছে হাফলঙৰ বন বিভাগে। হাফলং প্ৰেছ ক্লাবৰ গছপুলি বিতৰণ সন্দৰ্ভত জেএনভি অধ্যক্ষ ৰামাৱাটাৰ  বুৰেডকে প্ৰেছ ক্লাবৰ এনে মহৎ পদক্ষেপক আদৰণি জনাই কয় যে এই গছপুলিয়ে বিদ্যালয় চৌহদৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ উপৰি সেউজ কৰি তুলিব ধৰণীক।
তেওঁ নিজৰ বক্তব্যত কয়  ‘গছ থাকিলে মানুহ থাকিব।’ সেইকাৰণে যিমান পাৰি গছ ৰোপণ কৰিব লাগে। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক নিজে নিজে এখনকৈ গছ পুলি বচাই ৰখাৰ দায়িত্ব লোৱাৰ আহ্বান জনায়।
ইফালে হাফলং প্ৰেছ ক্লাবৰ সভাপতি অনুপ কুমাৰ বিশ্বাসে কয় যে হাফলং প্ৰেছ ক্লাবে এতিয়াৰ ডিমা হাচাও জিলাৰ প্ৰতিটো বিদ্যালয়ত গছপুলি বিতৰণ কৰাৰ কাৰণে এক আঁচনি হাতত লৈছে। বিশ্বাসে কয় আমাৰ উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰী তথা উঠি অহা প্ৰজন্মৰ মাজত পৰিৱেশ লৈ সজাগতা বৃদ্ধি কৰা।