NORTHEAST NOW (Assamese)
অসম

শিল্পী বিপুল চেতিয়া ফুকনলৈ চলিত বৰ্ষৰ ধনশিৰি উপত্যকা বঁটা

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া April 25, 2019 7:02 am
Bipul Chetia Phukan

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে বিগত বৰ্ষৰ দৰে এই বছৰো ধনশিৰি উপত্যকা বঁটা প্ৰদান কৰিব। চলিত বৰ্ষত উক্ত বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট শিল্পী বিপুল চেতিয়া ফুকনলৈ।

বুধবাৰে সন্মিলনৰ তৰফৰ পৰা উদযাপন সমিতিৰ সভাপতি ৰোহিত গগৈ, সম্পাদকদ্বয় পার্থজ্যোতি বৰা, মৃদুল শইকীয়াই এই কথা সদৰী কৰিছে। অহা ২ মে’ৰ বিয়লি সন্মিলনৰ বাকৰিত আয়োজন কৰা মুকলি সভাত শিল্পী গৰাকীক উক্ত বঁটা প্ৰদান কৰা হ’ব।

উক্ত বঁটা হিচাবে তেওঁক এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ আৰু নগদ দহ হাজাৰ টকা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে সন্মিলনে বিগত কিছু বছৰৰ পৰা অসমৰ শিল্প-সংস্কৃতিৰ জগতখনলৈ বিশেষভাৱে বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক উক্ত বঁটা প্ৰদান কৰি আহিছে। বিগত বৰ্ষত উক্ত বঁটা প্ৰদান কৰা হৈছিল বিশিষ্ট শিল্পী সিদ্ধেশ্বৰ বৰাক।