NORTHEAST NOW (Assamese)
অসম

মোক্তাব বিদ্যালয়ত আবদ্ধ শিক্ষয়িত্ৰী, পুৰণিগুদাম চলচলিত প্ৰতিবাদ বিক্ষুব্ধ ৰাইজৰ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা April 27, 2019 4:05 pm
Locals gherao teachers in Nagaon's two muktab schools alleging irregular attendance

নগাওঁ জিলাৰ পুৰণিগুদামৰ চলচলিৰ মুখামুখিকৈ থকা দুখনকৈ মোক্তাব বিদ্যালয়ত “পলমকৈ” বিদ্যালয়ত উপস্থিত হোৱা শিক্ষয়িত্ৰীক শনিবাৰে পুৱা আবদ্ধ কৰে স্থানীয় ৰাইজে।

৪৮৩নং চলচলি বালক বিদ্যালয়ত ৰাইজে তলা বন্ধ কৰি এগৰাকী শিক্ষয়ত্ৰীক আবদ্ধ কৰি ৰখাৰ উপৰি ঠিক সন্মুখতে থকা ৬৫৯নং চলচলি বালিকা মোক্তাব বিদ্যালয়ৰো দুগৰাকী শিক্ষয়িত্ৰীক পলমকৈ অহাৰ অভিযোগ তুলি বিদ্যালয়ৰ সন্মুখতে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে।

পিছলৈ পৰিস্থিতি স্বাভাৱিক হয় যদিও শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ লগতে বিদ্যালয়ত পাঞ্চিং মেচিনৰ দিহা কৰিবলৈয়ো শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক দাবী জনাইছে ৰাইজে।

তাৎপৰ্য্যপূৰ্ণভাৱে “অনিয়মীয়া উপস্থিতি”ৰ অভিযোগ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ লগতে স্থানীয় একাংশ ৰাইজেও নস্যাৎ কৰিছে।

অভিযোগকাৰী ৰাইজৰ মতে, বিদ্যালয় দুখনত পাঠদান অনিয়মীয়া হোৱাৰ লগতে শনিবাৰে দুপৰীয়া পৰ্য্যন্ত শিক্ষক-শিক্ষয়িত্ৰীয়ে  বিদ্যালয় বন্ধ ৰাখে।

আনহাতে ৰূপহী শিক্ষা খণ্ডৰ বিষয়াগৰাকীৰ বিৰুদ্ধেও স্থানীয় লোকসকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ৪৮৩নং চলচলি বালক বিদ্যালয়ত ২গৰাকী শিক্ষয়িত্ৰীয়েহে কাৰ্য্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে ৱে’বছাইটত বিদ্যালয়খনত ৪গৰাকী শিক্ষক-শিক্ষয়িত্ৰী দেখায়। কিন্তু ৰাইজৰ অভিযোগ, এই বিষয়ে বিষয়াগৰাকীক বাৰেপতি জনাই অহাৰ পিছতো তেওঁ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

আন একাংশৰ অভিযোগ, ৰূপহী শিক্ষা খণ্ড বিষয়াগৰাকীয়ে কোনো বুজাবুজিৰ বিনিময়ত ব্যাপক খেলি-মেলি সংঘটিত কৰি আছে।