NORTHEAST NOW (Assamese)
অসম

দিব্যাংগক প্ৰহাৰ কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষী দায়বদ্ধতা আয়োগৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 27, 2019 8:57 pm
Dibyanga Prahar

বিগত বৰ্ষৰ ৫ অক্টোবৰত দিচপুৰ লাষ্টগেইটত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ন্যায্য প্ৰাপ্তিৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিছিল যদিও আৰক্ষীয়ে মানৱ অধিকাৰ ভংগ কৰি বৰ্বৰভাৱে দিব্যাংগসকলক লাঠীচালনা কৰি হাত ভঙাৰ লগতে কেইগৰাকীমান প্ৰতিবাদকাৰীৰ মূৰো ফালে। আৰক্ষীৰ এই বৰ্বৰতা  অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰী আৰু দিচপুৰৰ সোণৰ বিস্কুটৰ কেলেংকাৰিত অভিযুক্ত নিপু কলিতাৰ নিৰ্দেশতে হৈছিল বুলি গুৰুতৰ অভিযোগ তুলিছিলি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে।

মানৱ অধিকাৰ ভংগ কৰি শান্তিপূৰ্ণভাৱে বহি প্ৰতিবাদ কৰা দিব্যাংগসকলৰ ওপৰত আৰক্ষী জপিয়াই পৰা ঘটনাই ৬ মাহ অতিক্ৰম কৰিলে। বৰ্তমান আৰক্ষী দায়বদ্ধতা আয়োগে সংবাদমাধ্যমৰ পৰা লাভ কৰা বাতৰিৰ ভিত্তিত নিজাববীয়াকৈ ৩৫৬/২০১৯ নম্বৰত এক গোচৰ ৰুজু কৰি নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে।

এই তদন্তৰ মূল দায়িত্বত আছে আয়োগৰ অধ্যক্ষ তথা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি পি কটকী।

আয়োগে শুকুৰবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰক সাক্ষ্য দান কৰিবলৈ মাতি নিছিল। দিচপুৰ লাষ্টগেটৰ ধৰ্ণাস্থলীত অতি শান্তিপূৰ্ণভাৱে অৱস্থান ধৰ্মঘট কৰি থকা অৱস্থাত দিব্যাংগসকলক আৰক্ষীয়ে মাৰ-পিট কৰাৰ ভিডিঅ’ আৰু ফটো মালাকাৰে আয়োগৰ ওচৰত দাখিল কৰে। আৰক্ষীৰ প্ৰহাৰত মালাকাৰৰ থুঁতৰি ফাটি যোৱাৰ লগতে হাত আৰু পিঠিত বৰ বেয়াকৈ আঘাত পাইছিল।

‘’উক্ত দিনা বিয়লি ১:৩০ বজাত আৰু ৩:০০ মান বজাত অৰ্থ্যাৎ দুবাৰকৈ আৰক্ষীয়ে দিব্যাংগক আক্ৰমণ কৰিলে কিয়? মূৰত বেয়াকৈ আঘাত পোৱাৰ পাছতো সন্ধিয়া ৬ বজা পৰ্য্যন্ত কাহিলীপাৰা বেটেলিয়ান কেম্পত বহাই ৰখা হ’ল কিয়? লগতে ৩ বজাৰ পৰা প্ৰায় ৩ ঘন্টাৰ অন্ততহে মূৰ ফাটি তেজ বৈ থকা এজন দিব্যাংগক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল,’‘-নৰ্থ ইষ্ট নাওৰ আগত মালাকাৰে এইদৰে কয়।

মন কৰিবলগীয়া যে, আৰক্ষী দায়বদ্ধতা আয়োগে উক্ত ঘটনাৰ সৈতে জড়িত প্ৰত্যেকজন আৰক্ষী বিষয়া-কনিষ্টবলক অতি সোনকালে সোধ-পোচ কৰিব তথা তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰিব বুলি আয়োগে মালাকাৰক জনোৱাৰ কথা তেওঁ আমাক জানিবলৈ দিয়ে।

ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানলৈ দিব্যাংগক আক্ৰমণ কৰা আৰক্ষী বিষয়াসকলক চিনাক্ত কৰি উলিয়াবৰ বাবে আয়োগে জাননী জাৰি কৰিছে বুলি জানিব পৰা গৈছে।