NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ কামত নিয়োজিত এন আৰ চিৰ কৰ্মচাৰীসকলক কামলৈ ঘূৰাই অনাৰ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2019 7:25 pm
Assam NRC-excluded Gorkhas not to visit Foreigner's Tribunal

লোকসভা নিৰ্বাচনৰ দায়িত্বত নিয়োজিত কৰা নাগৰিকপঞ্জী উন্নীতকৰণৰ কৰ্মচাৰীসকলক পুনৰ নাগৰিকপঞ্জীৰ কামত নিয়োগ কৰাৰ বাবে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে যিকোনো প্ৰকাৰে ৩১ জুলাইৰ পূৰ্বে নাগৰিকপঞ্জীৰ সম্পুৰ্ণ তালিকা প্ৰকাশ কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্য্যালয়ৰ পৰা অহা নাগৰিকপঞ্জী সন্দৰ্ভত যিকোনো নিৰ্দেশনা তথা কামক অৱহেলা কৰা বিষয়া আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

১০ এপ্ৰিলত ন্যায়ালয়ে দিয়া এক নিৰ্দেশনা অনুসৰি ৰাজ্যত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে এন আৰ চিৰ কামত নিয়োজিত হৈ থকা কৰ্মচাৰীসকলক নাগৰিকপঞ্জীৰ কামলৈ ঘুৰাই অনিবলৈ কোৱা হৈছিল। ন্যায়ালয়ে নাগৰিকপঞ্জীৰ কৰ্মচাৰীসকলক ভাৰতৰ মহাপঞ্জীয়ক আৰু ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ প্ৰশাসনিক নিৰ্দেশ পালন কৰাৰ বাবে নিৰ্দেশ দিছিল।

আনহাতে, নাগৰিকপঞ্জীৰ কামত নিয়োজিত হৈ থকা কৰ্মচাৰীসকলক যাতে অন্য কামত নিয়োজিত কৰা নহয় সেই সম্পৰ্কতো নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।

‘‘ৰাজ্যত নিৰ্বাচন সামৰণি পৰাৰ পাছত এতিয়া ৩১ জুলাইত প্ৰকাশ পাবলগীয়া নাগৰিক পঞ্জীৰ কামত হে সকলোৱে মনোযোগ দিয়া উচিত’’ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনাটোত এনেদৰে কয়।

তদুপৰি ১৫ জুনত অতিৰিক্ত খচৰা এন আৰ চি প্ৰকাশ। ৩০ জুনৰ পূৰ্বে  দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ সামৰণিৰ বাবেও ন্যায়ালয়ে নিৰ্দেশ দিয়ে।