NORTHEAST NOW (Assamese)
অসম

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Posted by: পংকজকুমাৰ দেব April 29, 2019 10:14 pm
debolal garlocha

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিবস জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশৰ মাজেৰে উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেব’লাল গাৰ্লোচা। সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষা ৰাণু লাংঠাচাৰ উপৰিও  পৰিষদৰ কাৰ্যবাহী সদস্য নন্দিতা গাৰ্ল’চা, লালৰেমচিৱামে দাৰ্নে,  দেবজিত বাঠাৰি, গ’লঞ্জ থাউচেন, পৰিষদ সদস্য বিমল হোজাই,  বিজিত লাংঠাচা, প্ৰধান সচিব ৰূপককুমাৰ মজুমদাৰ, আৰক্ষী অধীক্ষক শ্ৰীজিত টি আদি।

বন্তি প্ৰজ্জ্বলনৰ যোগেদি অনুষ্ঠানৰ শুভৰাম্ভ কৰে মুখ্য কাৰ্যবাহী সদস্য গাৰ্ল’চায়। আৰম্ভণি সংগীত পৰিবেশন কৰে বিশিষ্ট সংগীত শিল্পী মঞ্জু কুমাৰ হাছনু, প্ৰদীপ কেম্প্ৰাই আদি সংগীত শিল্পীসকলে।

আনহাতে অনুষ্ঠানত বক্তব্য আগবঢ়াই পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৰ্মাল বিভাগৰ প্ৰধান সচিব মুকুট কেম্প্ৰাইয়ে। বক্তব্য প্ৰসংগত তেঁও পাৰ্বত্য পৰিষদৰ জন্মলগ্ন ১৯৫২ চনৰ ২৯ এপ্ৰিলৰ কথা স্মৰণ কৰি কয় যে এই পৰিষদে বৰ্তমানৰ পৰ্যায়ত উপনীত হোৱাৰ ক্ষেত্ৰত পুৰণি নেতাসকলৰ বহু অৱদান আছে।

পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিবস উপলক্ষে পৰিষদৰ অধীনস্থ ৰাজহ গাঁওৰ গাঁওবুঢ়া সকলো অনুষ্ঠানত উপস্থিত থাকে।

অনুষ্ঠানত অন্যান্য অতিথিসকলৰ লগতে বক্তব্য আগ বঢ়াই  অধ্যক্ষা ৰাণু লাঙঠাচা আৰু দেবলাল গাৰ্লচা,  জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, শ্ৰীজিত টিয়ে। গাৰ্ল’চায় পৰিষদৰ প্ৰতিষ্ঠা দিবস উপলক্ষে সমূহ পৰিষদৰ কৰ্মচাৰীৰ লগতে জিলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে বিজেপি শাসিত দ্বাদশ  পৰিষদৰ তিনি মাহ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই তথাপি জিলাৰ সামিগ্ৰক উন্নয়নৰ কাৰনে আমাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু এই ক্ষেত্ৰত বৰ্তমান সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰে সহায়ৰ হাত আগবঢ়াইছে।

গাৰ্ল’চাই দুখ প্ৰকাশ কৰি কয় যে আজি এফালে আনন্দৰ দিন আৰু আনফালে দুখৰ দিন। বিগত ৬৭ বছৰে জিলা জনগোষ্ঠীয় ৰাইজৰ ভাষা-সংস্কৃতিৰ বিশেষ উন্নয়ন হোৱা নাই। বৰ্তমান পৰিষদে ইয়াত গুৰুত্ব আৰোপ কৰিছে। আজি ৬৮ বছৰ পাছত যেনে দৰে ডিমা হাচাও আগবাঢ়িব লাগিছিল সেইদৰে আগবঢ়া নাই।

অনুষ্ঠানৰ লগতে আজি ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হোৱা দীক্ষা লাংঠাচাৰ উপৰি ডক্টৰেট ডিগ্ৰী লাভকৰা সকলক পৰিষদৰ ফালৰ পৰা সংবৰ্ধনা জনোৱা হয়।