NORTHEAST NOW (Assamese)
অসম

অক্টোবৰৰ আগত ‘জাইকা’ই মহানগৰবাসীলৈ যোগান ধৰিব খোৱাপানী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2019 9:30 am
CM visit Water Supply Scheme (7)

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে জাইকাৰ দ্বাৰা ৰূপায়িত হৈ থকা বৃহত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ সামগ্ৰিক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি অক্টোবৰ মাহৰ আগত বিশেষকৈ পূজাৰ আগত পৰ্যায়ক্ৰমে মহানগৰীৰ বাসিন্দাসকললৈ পানী যোগান শুভাৰম্ভ কৰাৰ বাবে যাৱতীয় অসম্পূৰ্ণ কাম-কাজখিনি যুদ্ধকালীন ভাৱে সমাপন কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত হোৱা পৰ্যালোচনামূলক বৈঠকৰ পিছতে মুখ্য মন্ত্ৰীয়ে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে ৰামচা হিলত নিৰ্মীয়মান অৱস্থাত থকা ৱাটাৰ ৰিজাৰ্ভ পৰিদৰ্শন কৰাৰ লগতে খাৰঘুলিৰ ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণৰত অৱস্থাত থকা ৱাটাৰ ইনটেক পইণ্টৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়।

মুখ্য মন্ত্ৰীয়ে পৰিদৰ্শন কালত এই প্ৰকল্পৰ আটাইতকৈ সৰ্ববৃহৎ ৱাটাৰ ৰিজাৰ্ভাৰটোৰ চাৰিওফালে পৰিদৰ্শন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক ইয়াৰ বাকী থকা কামখিনি শীঘ্ৰে সমাপন কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, ১.৪ কোটি লিটাৰ পানীৰ বহন ক্ষমতা থকা আৰু ৮১ মিটাৰ দৈৰ্ঘ্য তথা ৬১ মিটাৰ প্ৰস্থৰ এই ৱাটাৰ ৰিজাৰ্ভাৰটো ৰামচা হিলৰ শীৰ্ষত নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ পিছতে মুখ্য মন্ত্ৰীয়ে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ সৈতে এই ৰিজাৰ্ভাৰলৈ পাম্পৰে ব্ৰহ্মপুত্ৰৰ পৰা পানী উঠাবলগীয়া ইনটেক পইণ্টৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।

পৰিদৰ্শন কালত মুখ্য মন্ত্ৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক এইদৰে কয় য়ে বহু কোটি টকা ব্যয়ৰে গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া খোৱাপানীৰ সমস্যাটো স্থায়ী ভাৱে সমাধানৰ দিশত এই প্ৰকল্পটোৱে গুৰুত্বপূৰ্ণ ভূমিকা হ’ব। সেয়েহে ইনটেক পইণ্টত প্ৰয়োজনীয় পানীৰ পৰিমাণ যাতে খৰালি কালটো অটুট থাকে তাৰ বাবে নদীৰ এই অংশ ড্ৰেজাৰেৰে খনন চলোৱা দিশটো চালি জাৰি চাবলৈও কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। প্ৰয়োজন সাপেক্ষে আই আই টিৰ বিশেষজ্ঞক এই স্থানলৈ মতাই আনি প্ৰয়োজনীয় দিহা-পৰামৰ্শ গ্ৰহণ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।