NORTHEAST NOW (Assamese)
অসম

ভক্তৰ কোলাত ওভতনি মা উগ্ৰতাৰাৰ, ধৃত ৬জন মহানগৰ আৰক্ষীৰ জিম্মাত

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক May 2, 2019 7:26 pm
02-05-19 Guwahati- Devotees rally with recover Ugratara relic back in temple, 'Thieves' sent to city police custody

গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়ৰ অষ্টধাতুৰ বিগ্ৰহটো মন্দিৰটোলৈ বৃহস্পতিবাৰে ওভতাই অনাৰ লগতে চুৰি সন্দৰ্ভত গ্ৰেপ্তাৰ ৬জনক জিম্মাত লৈছে মহানগৰ আৰক্ষীয়ে।

বৰ্তমান লতাশিল থানাই তেওঁলোকক জেৰা আৰম্ভ কৰিছে।

মঙলবাৰে গোলাঘাটৰ অতিৰিক্তি আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নলবাৰীৰ বাটচৰৰ চান হুছেইন, টিহুৰ আদিল আলী, মুকালমুৱাৰ ৰাহুল আলী আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায়ক গ্ৰেপ্তাৰ কৰি গোলাঘাটলৈ লৈ গৈছিল। তেওঁলোকৰ লগতে লৈ যোৱা হৈছিল উগ্ৰতাৰাৰ অষ্টধাতুৰ বিগ্ৰহটো।

ইয়াৰ পাছত বুধবাৰে বৰমা আৰক্ষীয়ে চামচুল আলী নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে। কালিয়েই নিশাৰ ভাগত আৰক্ষীয়ে ৰেচমা বেগম নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে।

বৃহস্পতিবাৰে মহানগৰ আৰক্ষীয়ে আটাইকে নিজৰ জিম্মাত লৈ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। পাছত ধৃত কেউজনকে মহানগৰ আৰক্ষীয়ে তদন্তৰ বাবে ৪ দিনৰ জিম্মাত লয়।

ইপিনে, উগ্ৰতাৰা দেৱালয় পৰিচালনা সমিতিয়ে যথেষ্টসংখ্যক ভক্তসহ বিগ্ৰহ লৈ আদালত চৌহদৰ পৰা লতাশিল থানালৈ আহে।

আৰক্ষীৰ পৰা আনুষ্ঠানিকভাৱে বিগ্ৰহটো চমজি লৈ শোভাযাত্ৰা কৰি দেৱালয়লৈ আনে।

দেৱালয়ৰ বাহিৰত কিছু সময়ৰ বাবে ভক্তৰ দৰ্শনৰ বাবে বিগ্ৰহটো ৰখা হয়। অৱশ্যে মন্দিৰৰ মূল বেদীত বিগ্ৰহটো প্ৰতিষ্ঠাৰ দিন এতিয়াও নিৰ্ধাৰণ হোৱা নাই বুলি মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

বিগ্ৰহটোৰ ক্ষতিসাধন হোৱা ডিঙিৰ মালা আৰু আ-অলংকাৰসমূহ পুনৰ নিৰ্মাণ কৰাৰ পাছতহে বেদীত প্ৰতিষ্ঠা কৰিব বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰে।