NORTHEAST NOW (Assamese)
অসম

গোলাঘাট পৌৰসভাত নাটকীয় পৰিৱৰ্তন; বিপদৰপৰা কংগ্ৰেছী পৌৰসভাক উদ্ধাৰ বিজেপি ৱাৰ্ড সদস্যৰ

Posted by: ৰিতুপল্লৱ শইকীয়া May 6, 2019 10:25 am

গোলাঘাট নগৰ পৌৰসভাখনত হোৱা নাটকীয় পদ পৰিৱৰ্তন কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে। পৌৰসভা গঠনৰ কিছুদিনৰ পিছতে পৌৰপতি ঘনশ্যাম বাঢ়ৈয়ে পদত্যাগ কৰাৰ পিছত সমিতিখনৰ মুৰব্বী হিচাপে দায়িত্ব লোৱা বৰ্তমানৰ ৰূপাঞ্জলি গগৈয়েও আওপকীয়াকৈ অব্যাহতি গ্ৰহণৰ দিশে আগবঢ়াৰ কথা জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি পৌৰসভাৰ বিভিন্ন কেলেংকাৰী আৰু সমস্যাৰ বিষয়ে একাংশ সংবাদমাধ্যমত প্ৰকাশ হোৱাৰ পিছত যোৱা ২ মে’ত এখন সাধাৰণ সভা অনুস্থিত হয়। সভাত বিৰোধী বিজেপি আৰু নিজ দল কংগ্ৰেছৰ দুই এক ৱাৰ্ড সদস্যৰ উপৰ্যুপৰি প্ৰশ্নবাণত পৌৰপতিগৰাকী থকা-সৰকা হয় আৰু প্ৰত্যুত্তৰ দিব নোৱাৰি পৌৰপতিগৰাকীয়ে সভাতে নাটকীয়ভাৱে পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

আনহাতে কালি অৰ্থাৎ ৫ মে’ত তেওঁ উপপৌৰপতি জুৰীদাস ৰাজখোৱাক তিনিমাহৰ চুটি বিছাৰি এক আবেদন কৰে। ফলত পৌৰসভাৰ ভাৰপ্ৰাপ্ত পৌৰপতি হিচাপে সকলো দায়িত্ব পালন কৰিবলগীয়া হোৱা উপ-পৌৰপতি গৰাকীয়ে ৪ মে’ত দলৰ নিৰ্বাচিত ৱাডসদস্য সকলকলৈ এখন সভা আহ্বান কৰে। কিন্তু উক্ত সভাত কংগ্ৰেছ দলৰ ১০গৰাকী ৱাৰ্ড সদস্যৰ সাতগৰাকীহে উপস্থিত থাকে।

একেদৰে বিৰোধী বিজেপিৰ তিনি সদস্যৰ প্ৰণয়জিৎ চলিহা আৰু জুমী দুৱৰাৰ বিপৰীতে কেৱল ১১ নং ৱাৰ্ডৰ সদস্য ডাঃ কমলেশ্বৰ নেওগহে উপস্থিত থাকে।

উল্লেখযোগ্য যে কোৰাম অনুসৰি উক্ত সভাত শাসকীয় দলৰ ৯ গৰাকী সদস্যৰ মতামত লাগে। কিন্তু সভানেত্ৰীকে ধৰি আঠগৰাকী সদস্যৰ কংগ্ৰেছ দলটোক আৰু এগৰাকী সদস্যৰ প্ৰয়োজন হৈছিল। অৱশেষত বিজেপি দলৰ সদস্য ডাঃ নেওগে উক্ত খালী আসন পূৰণ কৰি দলটোক সহায় কৰে। কিন্তু ডাঃ নেওগে এনেদৰে কংগ্ৰেছক সহায় কৰা কাৰ্যই এতিয়া খোদ গেৰুৱা দলটোৰ ভিতৰচ’ৰাত ব্যাপক আলোড়ণৰ সৃষ্টি কৰিছে। ৰাজনৈতিক মহলে ইয়াক সুবিধাবাদৰ খেল বুলি আখ্যা দিছে আৰু পৌৰসভাৰ এই নাটকীয় পদ পৰিৱৰ্তন প্ৰক্ৰিয়া কোনো তৃতীয় পক্ষৰ পৰিকল্পনাত হোৱা বুলি চৰ্চিত হৈছে।