NORTHEAST NOW (Assamese)
Popular Stories

নৃশংস : গোধা আৰু পেটুৱে মুণ্ড ছিন্ন কৰি হত্যা কৰিলে দুই যুৱকক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2023 2:52 pm

তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

এই ঘটনাত দুজন লোকৰ মূৰ কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

তিনিচুকীয়া জিলাৰ লংছোৱালৰ আথাই বস্তি অঞ্চলত সংঘটিত হৈছে এই ভয়ানক ঘটনা।

নিহত ব্যক্তি দুগৰাকীৰ নাম সুৰেণ মুণ্ডা আৰু বাবুল মুণ্ডা বুলি জানিবলৈ পোৱা গৈছে।

এই অপৰাধ সংঘটিত কৰা দুজন ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে গোধা আৰু পেটু নামৰ দুজন ঘাতকে এই কাণ্ড সংঘটিত কৰিছে।

ইতিমধ্যে গোধা নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আনহাতে পেটু নামৰ ব্যক্তিজন পলাতক অৱস্থাত আছে। 

এই হত্যাকাণ্ডৰ কাৰণ আৰু সুত্ৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।