NORTHEAST NOW (Assamese)
অসম

আকৌ প্ৰেমত পৰিছে জুবিন গাৰ্গ; চেপনৰ বিহু সন্মিলনত জুবিনৰ বিস্ফোৰণ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 6, 2019 4:24 pm
Zubeen Garg

আকৌ প্ৰেমত পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। দেওবাৰে শিৱসাগৰৰ চেপনত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত দৰ্শকৰ সন্মুখত মুকলিকৈ ক’লে জুবিনে নিজৰ মনৰ কথা।

সংগীতানুষ্ঠানৰ মাজত জনপ্ৰিয় গীত ‘মোৰ মনৰে কল্পনা কবিতা হোৱা নাই’ শীৰ্ষক গীতটো গোৱাৰ পূৰ্বে জুবিনে ক’লে এই গীতটো মই নতুনকৈ প্ৰেমত পৰি লিখিছো।

অবশ্যে প্ৰেমিকাৰ কথা মুকলিকৈ নকলে শিল্পীজনে। মুকলিকৈ নোকোৱাৰ প্ৰসংগত তেওঁ কয় যে মই নামটো কৈ দিলে নিউজত কাড় চিন লগাই ক’ব ‘জুবিন গাৰ্গ কাৰ প্ৰেমত?’

আনহাতে, মঞ্চত নিজৰ খেয়ালী মনেৰে সদায় দৰ্শকক আপ্লুত কৰি ৰখা জুবিনে এটা বাগানীয়া গান গোৱাৰ আগত বাগানীয়া গান গালে এটুপি হাৰিয়া দিব লাগে বুলি মন্তব্য কৰে। ইয়াৰ কাৰণ বৰ্ণনা কৰি তেওঁ কয় বাগানীয়া গানবোৰত হাৰিয়া শব্দটো থাকেই গতিকে ময়ো অলপ হাৰিয়া পান কৰি লও।

তদুপৰি মাতৃক স্মৰণ কৰি জুবিনে তেওঁৰ ‘মা’ এলবামটোৰ এটা সুন্দৰ গীত গাই সকলোকে আপ্লুত কৰে।

উল্লেখ্য যে,  ষষ্ঠবিংশতিতম বাৰ্ষিক চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলত আৰম্ভণি বৰ্ষৰ পৰাই জুবিন গাৰ্গে প্ৰতি বছৰে অনুষ্ঠান পৰিবেশন কৰি আহিছে। চেপন বিহু মঞ্চতেই প্ৰথমবাৰৰ বাবে জুবিন আৰু পাপনে  একেলগে গীত পৰিবেশন কৰিছিল।