NORTHEAST NOW (Assamese)
জীৱনশৈলী

শীতকালত কিদৰে বিদায় দিব ফটা ওঁঠৰ সমস্যাঃ জানিবলৈ চাওক এই লেখা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 9, 2024 9:32 pm
Winter Care For Lips

শীত মানেই বহু লোকৰ ক্ষেত্ৰত ওঁঠ ফটাৰ সমস্যা। এই সমস্যাই বাৰুকৈয়ে জুৰুলা কৰে বহুলোকক। কিছু লোকৰ ক্ষেত্ৰত ওঁঠ ফাটি যোৱাৰ ফলত তেজ ওলাবলৈ আৰম্ভ কৰাও পৰিলক্ষিত হয়।

সাধাৰণতে শীতকালত বতৰ শুকান হোৱাৰ বাবেই এই সমস্যাৰ সন্মুখীন হয়। গতিকে এই সময়ত শৰীৰক যিমান পাৰি পানীৰ প্ৰয়োজন। লগতে ওঁঠো আৰ্দ্ৰ কৰি ৰাখিব লাগে। ইয়াৰ বাবে কি কৰিব লাগে জানি লওক।

শীতকালত ওঁঠ কোমল কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে ফলৰ ৰস সেৱন কৰিব লাগে। প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ খাদ্য বেছিকৈ খাব লাগে। তেতিয়া ওঁঠ দুটা ফাটি নাযায়।

নাৰিকল তেল চেনিৰ লগত মিহলাই সানিলেও ওঁঠ ফটাৰ পৰা মুক্ত হ’ব পাৰি। শীতকালত ওঁঠযুগল ভালে ৰাখিবলৈ দুগ্ধজাত সামগ্ৰী খাব লাগে। লগতে কেঁচা গাখীৰ ওঁঠত মালিচ কৰিব পাৰে।

শীতে ঠোঁটকে সুরক্ষিত রাখতে প্রতিদিন রাতে ঘুমোনোর আগে বাদাম তেল মালিশ করুন ঠোঁটে। এতে ভিটামিন সি থাকে। য়া ঠোঁটকে নরম ও সুন্দর করে তুলবে।(ছবি:Pinterest)

এই সমস্যাৰ পৰা ৰক্ষা পৰাত নেমুৰ ৰসেও কাম কৰিব। এচামুচ আলমণ্ড অইলৰ লগত কেইটোপালমান নেমুৰ ৰস মিহলাই ১০ মিনিট সময় ওঁঠত লগাই পিছত পৰিস্কাৰ পানীৰে ওঁঠ দুটা ধুই পেলাব লাগে।

প্ৰতি নিশা শোৱাৰ পূৰ্বে ওঁঠত আলমণ্ড অইল মালিচ কৰিব পাৰে। ইয়াত ভিটামিন চি থাকে। ই ওঁঠ দুটা কোমল আৰু সুন্দৰ কৰি তুলিব।

ইয়াৰ উপৰিও বিটৰ ৰসেও সুফল দিয়ে এই সমস্যাত। বিটৰ ৰসৰ লগত মৌ মিহলাই লগালে ওঁঠ কোমল আৰু মসৃণ হয়।