NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত পুৱতি নিশা প্ৰৱল বেগেৰে অহা ঘূৰ্ণী বতাহ, শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত বহুতো গাঁও

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী May 6, 2019 5:23 pm

 

ৰাজ্যজুৰি ফেনিৰ আতংকত জনসাধাৰণ সষ্টম হৈ থকাৰ সময়ত  প্ৰবল ঘূৰ্ণীবতাহ আৰু শিলাবৃষ্টিয়ে কোবাই থৈ গ’ল কোকৰাঝাৰ জিলাৰ  বিভিন্ন অঞ্চল।

দেওবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত দোতমা উন্নয়ন খণ্ডৰ অন্তৰ্গত বেলগুৰী,  টুৰিবাৰী, প’ডবিল, অন্টায়বাৰী, নাইগাঁও বাটাবাৰী, উত্তৰ আফ্লা আদি গাঁও সমূহৰ উপৰিও  তিতাগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং আৰু ২ নং মিষ্টাবাৰী, গুৱাবাৰী, উত্তৰ মাউৰিগাঁও, ছিজৌগুৰি, বুটিয়াবিল, ১২ নং কাচিবাৰী, ছুলযোৰা, চিলিগুৰী আদি গাঁওসমূহ তথা বৃহৎ অঞ্চলত  ক্ষতিসাধন হয়।

প্ৰচণ্ড ধুমুহা আৰু ঘূৰ্ণী বতাহৰ ফলত বৃহৎ বৃহৎ গছ উভালি পৰাত বেলগুৰী, পডমবিল আৰু আফ্লাগাও, মিষ্টাবাৰী গাঁওত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।

আনহাতে, আফ্লাগাউ  মাধ্যমিক  বিদ্যালয়কে ধৰি বৃহৎ অঞ্চলটোৰ  প্ৰায় কেইবা শতাধিক পৰিয়াল ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হয়।

তদুপৰি, আটিয়াবাৰী গাঁওত প্ৰকাণ্ড গছ উভালি পৰাত মিৰু কিষ্কু( ৪৫) আৰু ছুপল হাস্দা (৫০),  নামৰ দুগৰাকী ব্যক্তি গুৰুতৰভাবে আহত হয়।  ঘূৰ্ণী বতাহৰ প্ৰকোপ ইমানেই বেছি আছিল যে মানুহৰ বাহগৃহৰ টিনপাত, ঘৰৰ খুটা পৰ্যন্ত উৰুৱাই নিয়ে। চৌদিশে বৃহৎ বৃহৎ গছ বাগৰি পৰাত বৈদ্যুতৰ তাৰপৰিবাহী খূটাসমূহ ভাঙি পৰাৰ লগতে বিদ্যুৎ সযোগ সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে।

উল্লেখযোগ্য যে, মিষ্টাবাৰী গাওঁৰ এগৰাকী নিবনুৱা যুৱক ছৌমদৌন নাৰ্জাৰীয়ে আৰ্থিক স্বাৱলম্বি হোৱাৰ সপোনেৰে ৰোপন কৰা ৰবৰৰ বাগানখনো ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

আজি ৰাতিপুৱা ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গাঁওসমূহ পৰিদৰ্শন কৰে বি টি এ ডি দোতমা সমষ্টিৰ পৰিষদৰ সদস্য জৌমৈ আৱাৰীয়ে। আৱাৰীয়ে অঞ্চলটোৰ ধ্বংসহোৱা বিদ্যালয় গৃহ, মানুহৰ বাসগৃহ পুনৰ নিৰ্মানৰ বাবে আৰু ক্ষতিগ্ৰস্তহোৱা লোকসকলক শীঘ্ৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনায়।