NORTHEAST NOW (Assamese)
অসম

এতিয়া দৰৱৰ দৰে ম্যাদ চাইহে কিনিব মদ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 8, 2019 8:15 pm
Assam alcohol buying guide: Don't forget to check expiry date

আগৰ দিন আৰু নাই। মদ কিনিলো আৰু খালো নহয়। এতিয়াৰ পৰা বটলত ম্যাদ উকলিছে নেকি পৰীক্ষা কৰিহে এৰিব ৱাইন শ্বপ।

এতিয়া মদৰ বটলত দৰৱৰ দৰেই ম্যাদ লিখা থাকে।

সুৰাক খাদ্য সুৰক্ষা আইনৰ অধীনলৈ অনা হৈছে আৰু যোৱা ১ এপ্ৰিলৰ পৰা অসমত বলবৎ হৈছে এই সম্পৰ্কীয় “ফুড চে’ফ্টি এণ্ড ষ্টেণ্ডাৰ্দছ (এলক’হলিক বেভাৰে’জিজ) ৰেগুলে’চনছ-২০১৮”।

এই সন্দৰ্ভত জাৰি অধিসূচনাই ৱাইন, হুইস্কি, ৰাম, ভদকা আৰু দেশীয় সুৰাক সামৰি লৈছে।

ভেজাল আৰু অবৈধ সুৰাক নাকী লগাই খাটি সুৰাক উৎসাহিত কৰাৰ বাবে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে ইয়াক খাদ্য সুৰক্ষা আইনৰ অধীনলৈ আনিছে।

এতিয়াৰে পৰা ভেজাল সুৰা সন্দৰ্ভত সুৰাপায়ীয়ে অভিযোগ কৰিব পাৰিব।

“দেশীয় সুৰাৰ ক্ষেত্ৰতো পৰীক্ষা কৰা হ’ব। ৰেষ্টুৰেন্টত যিদৰে খাদ্য ভেজাল থাকিলে গ্ৰাহকে অভিযোগ কৰিব পাৰে, ঠিক সেইদৰে ভেজালকৃত সুৰাৰ ক্ষেত্ৰতো অভিযোগ দাখিল কৰিব পাৰিব সুৰাপায়ীয়ে,” নৰ্থ ইষ্ট নাও-ক জনায় অসমৰ খাদ্য সুৰক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া তৰুণ দাসে।

লক্ষণীয়ভাৱে, এপ্ৰিলতে বলবৎ হোৱা এই আইনৰ অধীনত এমাহ পলমকৈ হ’লেও কালি মহানগৰীৰ সুৰা প্ৰস্তুত কাৰখানাত সোমাই ভিন্ন ব্ৰেণ্ডৰ নমুনা সংগ্ৰহ কৰিছে খাদ্য সুৰক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া তৰুণ দাস আৰু চম্পক পাঠকে। এই কথা আমাৰ সাংবাদিকক জানিবলৈ দিয়ে তৰুণ দাসে।

সমগ্ৰ দেশৰ ভিতৰতে অসমতে প্ৰথম সুৰা পৰীক্ষাৰ কাম আৰম্ভ হোৱা বুলিও তেওঁ সদৰী কৰিছে।

“ইতিমধ্যে আমি ইয়াৰ কাম আৰম্ভ কৰিছো। আমি বিভিন্ন ব্ৰেণ্ডৰ নমুনা ল’বলৈ আৰম্ভ কৰিছো। কালি সুৰা প্ৰস্তুত কৰা কাৰখানাত সোমাই তাৰ পৰা চাৰিটা ব্ৰেণ্ডৰ নমুনা সংগ্ৰহ কৰা হৈছিল। নমুনাকেইটা পৰীক্ষাগাৰলৈ পঠোৱা হৈছে। সুৰা প্ৰস্তুতকাৰী কাৰখানাকেইটা প্ৰথমতে নিৰীক্ষণ কৰা হ’ব,” দাসে কয়।

অৱশ্যে এই আইনৰ অধীন হ’লেও ৱাইনৰ ক্ষেত্ৰত ম্যাদৰ কথা নাথাকিব।

তাৰোপৰি বিষয়াগৰাকীয়ে জনোৱা মতে বিলাতী সুৰাৰ বটলৰ ওপৰত পূৰ্বৰ দৰেই “সুৰাপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক” বুলি লিখাৰ উপৰি “বি চে’ফ, ড’ন্ট ড্ৰিংক এণ্ড ড্ৰাইভ’’ বুলিও উল্লেখ থাকিব লাগিব।

এতিয়া নিৰ্ভেজাল সুৰা খোৱাৰ আনন্দ আৰু ভেজাল সুৰা-বিৰোধী সংগ্ৰাম– দুয়োটাৰে বাবে সাজু হোৱাৰ সময় আহিল সুৰাপায়ীৰ।