NORTHEAST NOW (Assamese)
অসম

আই চি এছ চি পৰীক্ষাত সাফল্যৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে যোৰহাটৰ তুষিতাই

Posted by: স্মিতা ভট্টাচাৰ্য May 10, 2019 12:24 pm
tushitamalpani-1140x570

আই চি এছ চি পৰীক্ষাত (দ্বাদশ শ্ৰেণী) সৰ্বভাৰতীয় পৰ্যায়ত প্ৰদৰ্শন কৰা সফলতাৰে তুষিতা মালপানীয়ে পৰিয়ালৰ লগতে যোৰহাটবাসী তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

সৰ্বভাৰতীয় পৰ্যায়ত ৯৯.২৫ শতাংশ নম্বৰ লাভ কৰি তুষিতাই শ্ৰেষ্ঠ শীৰ্ষ  চাৰিগৰাকীৰ মাজত স্থান লাভ কৰিছে। বাকী শীৰ্ষ তিনিগৰাকীয়ে ক্ৰমে ১০০ শতাংশ, ৯৯.৭৫ শতাংশ আৰু ৯৯.৫০ শতাংশ নম্বৰ লাভ কৰিছে।

যোৰহাট নিবাসী সীমা আৰু অশোক মালপানীৰ কন্যা তুষিতাই কাৰ্মেল স্কুলৰ পৰা আই চি এছ চিৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ডেৰাডুনৰ ৱেলহাম গাৰ্লছৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।

তুষিতাই অৰ্থনীতি, ৰাজনীতি বিজ্ঞানত আৰু বুৰঞ্জীত ১০০ শতাংশ ইংৰাজী আৰু মনোবিজ্ঞানত৯৭ শতাংশ নম্বৰ লাভ কৰে।

আনহাতে, তুষিতাই স্নাতক পৰ্যায়ত মনোবিজ্ঞানক প্ৰধান বিষয় হিচাপে লৈ অধ্যয়ন কৰাৰ মন মেলিছে।

‘’দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পৰাই এইটো তাইৰ সপোন আছিল আৰু আন কোনো বিকল্পৰ কথা শুনিবলৈ তাই প্ৰস্তুত নহয়,’’-পিতৃ অশোক মালপানীয়ে জানিবলৈ দিয়ে।