NORTHEAST NOW (Assamese)
অসম

১২ দিন উকলি যোৱাৰ পাছতো অংকুৰৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2019 6:26 pm
hojai lanka

হোজাই জিলাৰ লংকাত বিগত ২৮ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ থকা নৱম শ্ৰেণীৰ ছাত্ৰ অংকুৰ চৌহানৰ সন্ধানহীন হৈ থকাৰ ১২ দিন উকলি যোৱাৰ পাছতো কোনোধৰণৰ সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে।

২৮ এপ্ৰিলত লংকা আৰক্ষী থানাৰ অন্তৰ্গত ভালুকমাৰী বৰপুখুৰী গাঁৱৰ ৰামকৰণ চৌহানৰ পুত্ৰ অংকুৰ চৌহান ঘৰৰ পৰা লংকালৈ আহি থাকোতে সন্ধানহীন হৈছিল। পৰিয়ালৰ লোকে বহু সময় ধৰি অংকুৰ ঘৰলৈ উভতি নহাৰ বাব বিভিন্ন ঠাইত তেওঁৰ সন্ধান চলাই যদিও ব্যৰ্থ হয়।

আনহাতে, অংকুৰৰ পৰিয়ালৰ লোকসকলে ইতিমধ্যে শংকৰদেৱ নগৰ আৰক্ষী থানাত এখন ছাত্ৰগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

ছাত্ৰ গৰাকীৰ আজি পৰ্য্যন্ত কোনোধৰণৰ সন্ধান লাভ নকৰাত পিতৃ-মাতৃ শোকত ভাঙি পৰিছে। কোনো ঠাইৰ ব্যক্তিয়ে ছাত্ৰগৰাকীৰ সম্ভেদ লাভ কৰিলে ৭৮৯৬৫৭৮১৪৮ নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে।