NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত কালভাৰ্ট নিৰ্মাণৰ নামত ঠিকাদাৰ আৰু অভিযন্তাৰ ব্যাপক লুণ্ঠনৰাজ; ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে নিৰ্মাণ কাৰ্য্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2019 1:43 pm
IMG_20190510_123013

গোৱালপাৰা জিলাৰ গড়কাপ্তানি বিভাগটো যেন এতিয়া এচাম ঠিকাদাৰ আৰু বিষয়াৰ বাবে লুণ্ঠনৰ এক আহিলাত পৰিণত হৈছে ৷ ৰাইজৰ উন্নয়নৰ নামত আৱন্তিত ধন কিদৰে হৰলুকি হয় দেখিলে চকু কপালত উঠিব সাধাৰণ লোকৰ ৷

জিলা খনৰ বালিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভিঠাত গাঁৱৰ পথত  গড়কপ্তানি বিভাগে এছ অ পি ডি আঁচনিৰ অধীনত প্ৰায় বিশ লাখ টকা ব্যায় সাপেক্ষে এটা বক্স কালভাৰ্টৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ কিন্তু পৰিতাপৰ বিষয় হল বিভাগীয় সকলো নীতি নিয়মক বুঢ়াআঙুলি দেখুৱাই ঠিকাদাৰ গিয়াছুদ্দিন আহমেদ আৰু অভিযন্তা গোলাপ কলিতাই কালভাৰ্ট নিৰ্মানৰ নামত চৰকাৰী ধনৰ লুণ্ঠন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

নিৰ্মাণ কাৰ্য্যৰ প্ৰায় ৪০ শতাংশ কাম শেষ হোৱাৰ পাছতো ৰাইজে আঁচনিখনৰ নামত কিমান পৰিমাণৰ ধন আৱন্তন হৈছিল সেই কথা জানিব নোৱাৰিলে। গাৰো জনগোষ্ঠী বসতি প্ৰধান অঞ্চলটোৰ লোকসকলৰ সৰলতাৰ সুযোগ গ্ৰহন কৰি ঠিকাদাৰ আাৰু অভিযন্তা গৰাকীয়ে কোনো ধৰনৰ ফলক নলগোৱাকৈ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰে।

তদুপৰি, স্থানীয় ৰাইজে অভিযোগ কৰা মতে বক্স কালভাৰ্টটোৰ নিৰ্মাণত আৰম্ভণিৰ পৰাই অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এই সম্পৰ্কত স্থানীয় ৰাইজে অভিযোগ কৰিলে ঠিকাদাৰে নিয়োজিত কৰা কৰ্মচাৰীৰ সকলৰ দ্বাৰা স্থানীয় ৰাইজ ভাবুকিৰ সন্মুখিন হ’বলগা হয় বুলি অভিযোগ উঠিছে।

উল্লেখযোগ্য যে, কালভাৰ্ট নিৰ্মানৰ নামত চলি থকা অনিয়মত অতিষ্ঠ হৈ স্থানীয় ৰাইজে নিৰ্মাণ কাৰ্য্য বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

পথ নিৰ্মাণৰ ক্ষেত্ৰত জড়িত অভিযন্তা গৰাকীৰ বিৰুদ্ধে ৰাইজে জিলা গড়কাপ্তানি বিভাগৰ ওচৰত বহুবাৰ অভিযোগ দাখিল কৰিছে যদিও আজিলৈ বিভাগটোৱে কোনোধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

বিগত ফ্ৰেব্ৰুৱাৰি মাহত গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে কালভাৰ্ট আৰু পথ নিৰ্মাণ আঁচনিৰ উদ্বোধন কৰিছিল ৷ বিধায়ক গৰাকীয়ে আঁচনি সমূহ উদ্বোধন কৰিয়ে লুণ্ঠনৰ বাবে ঠিকাদাৰ আৰু অভিযন্তাসকলক এৰি দিয়ে বুলি আন এক গুৰুতৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে ৷