NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামত বিশেষভাৱে সক্ষম সকলৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ

Posted by: ভাৰ্গব হাজৰিকা May 13, 2019 2:44 pm

ৰাজ্য চৰকাৰৰ ‘অসম দক্ষতা বিকাশ অভিযান’ৰ অধীনত ‘তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন’ৰ উদ্যোগত নগাঁও পুৰণিগুদামত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ল বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এটি বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ।

পুৰণিগুদামস্থিত পাৰঘাট মজলীয়া বিদ্যালয়ৰ এটি পৰিত্যক্ত গৃঢ়ক পুনৰ মেৰামতি কৰি বৃহত্তৰ নগাঁও জিলাৰ বিভিন্ন ঠাইৰ প্ৰায় ৯০ গৰাকী বিশেষভাৱে সক্ষম লোকক একেলগে সংগঠনটোৱে বিভিন্ন দিশত প্ৰশিক্ষণ দিয়াৰ প্ৰচেষ্টা হাতত লৈছে।

আগন্তুক দুবছৰত বিশেষভাবে সক্ষম প্ৰশিক্ষণাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা কৰা তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যনৰ মুখ্য তত্ত্বাৱধায়ক ভূপেন গায়নে অতি শীঘ্ৰে পাৰঘাট বিদ্যালয়ত সংস্থাপিত কেন্দ্ৰটোত পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত পাৰদৰ্শিতা দেখুৱা প্ৰশিক্ষণাৰ্থী সকলক বিভিন্ন ক্ষেত্ৰত নিয়োজিত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি তেওঁ লগতে জানিবলৈ দিয়ে।