NORTHEAST NOW (Assamese)
অসম

১৯৮৮ চনতে ডিজিটেল কেমেৰা, ই-মেইল ব্যৱহাৰ কৰি প্ৰধান মন্ত্ৰী মোদীয়ে ৰচিলে ইতিহাস!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2019 1:04 pm
modicam_710x400xt

লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ পাছৰে পৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী এটাৰ পাছত আন এটা বিতৰ্কিত মন্তব্যৰ জৰিয়তে সংবাদ মাধ্যম তথা ছচিয়েল মিডিয়াত ব্যাপক চৰ্চাৰ মাজত সোমাই পৰিছে।

প্ৰথমতে প্ৰধান মন্ত্ৰী মোদীয়ে বিমান আক্ৰমণৰ বাবে ৰাডাৰত ধৰা নপৰাৰ বাবে ডাৱৰীয়া বতৰৰ সুবিধা লোৱাৰ বিষয়ে মন্তব্য কৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

ইয়াৰ পাছতে সেই একেটা সাক্ষাৎকাৰতে মোদীয়ে আন এক উদ্ভট মন্তব্য কৰি সকলোৰে চকু কপালত তুলিছে।  এটা ভাইৰেল হৈ পৰা ভিডিঅ’ ক্লিপত স্পষ্টকৈ দেখা গৈছে যে মোদীয়ে ১৯৮৭-৮৮ চনতে তেওঁ ডিজিটেল কেমেৰা আৰু ই-মেইল ব্যৱহাৰ কৰা বুলি দাবী কৰিছে।

https://twitter.com/i_theindian/status/1127650139345018880

‘’মই প্ৰথম ১৯৮৭ বা ১৯৮৮ চনত ডিজিটেল কেমেৰা ব্যৱহাৰ কৰিছিলো। তেতিয়া বহুতো লোকে ই-মেইল ব্যৱহাৰ কৰিছিল। গুজৰাটৰ ভিৰামগমত আদৱানীজীৰ এখন জনসভাৰ সময়ত মোৰ হাতত ডিজিটেল কেমেৰা আছিল। মই আদৱানীজীৰ এখন ফটো তুলিছিলো আৰু দিল্লীলৈ প্ৰেৰণ কৰিছিলো। তেওঁ আচৰিত হৈ কৈছিল যে কেনেকৈ আজি তেওঁৰ ৰঙীণ ফটো এখন ওলাল,’’ সাক্ষাৎকাৰটোত প্ৰধান মন্ত্ৰী মোদীয়ে কৈছিল।

ইয়াৰ পাছতে ছচিয়েল মিডিয়াত প্ৰধান মন্ত্ৰীৰ ভুৱা দাবীৰ সন্দৰ্ভত ব্যাপক চৰ্চা আৰম্ভ হয়। নতুন প্ৰজন্মৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে আঙুলিয়াই দিছে যে প্ৰথম ডিজিটেল কেমেৰা ১৯৮৭ চনত আৱিস্কাৰহে হৈছিল আৰু ই-মেইল বাণিজ্যিকভাৱে ১৯৯০-৯৫তহে আৰম্ভ হৈছিল। ১৯৯৫ চনলৈকে ই-মেইলৰ সুবিধা সুলভ হৈ পৰা নাছিল।

প্ৰধান মন্ত্ৰী গৰাকীৰ এনে তাজ্জৱ আৰু উদ্ভট দাবীয়ে দেশৰ শিক্ষিত জনসাধাৰণক বাৰুকৈয়ে বিপাঙত পেলাইছে। বৰ্তমান সময়ত বিদ্যালয়ৰ শিক্ষাৰ্থী এগৰাকীৰ বাবেও এক সাধাৰণ জ্ঞানৰ বিষয়টো দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে কেনেকৈ ইমান ভুলকৈ উপস্থাপন কৰিব পাৰে সেয়া এক আশ্চৰ্যৰ বিষয় যদিও সকলোৰে বাবে ই এক ৰসিকতাৰহে সৃষ্টি কৰা দেখা গৈছে।