NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ভাৰাতীয়া মহিলাৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক, গুলী-পিস্তল ||Video||

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক May 16, 2019 4:04 pm
ULFA leader Pranamay Rajguru detained by Guwahati police, huge cache of explosives seized

বুধবাৰে সন্ধিয়া গ্ৰেনে’দ বিস্ফোৰণে কঁপাই তোলাৰ পিছতে আৰম্ভ আৰক্ষীৰ অভিযানত গুৱাহাটীত ভাৰা থকা এগৰাকী মহিলাৰ ঘৰত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰককে ধৰি এটা ৯ এম এম পিস্তল আৰু ২৫ জাঁই সক্ৰিয় গুলী।

পাঞ্জাবাৰীৰ নামঘৰ পথত ভাৰা থকা জাহ্নৱী শইকীয়া নামৰ মহিলাগৰাকীক বৰ্তমান ঘৰৰ ভিতৰতে আৰক্ষীয়ে জেৰা চলাই আছে।

লগতে পঢ়ক– আটক আলফা নেতা প্ৰাণময় ৰাজগুৰু, মহিলা; পাঞ্জাবাৰীত অভিযান সমাপ্ত মহানগৰ আৰক্ষীৰ

ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাত থকা আলফা নেতা প্ৰাণময় ৰাজগুৰু মহিলাগৰাকীৰ ঘৰলৈ প্ৰায়েই আহে বুলি জানিব পৰা গৈছে। অসমৰ একাংশ সংবাদ মাধ্যমলৈ ফ’ন কৰি বুধবাৰৰ বিস্ফোৰণৰ দায়িত্ব ইতিমধ্যে স্বীকাৰ কৰিছে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ অসমে।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ মাজত গ্ৰেনে’দ বনোৱা সামগ্ৰীও আছে। ইতিমধ্যে অভিযানস্থলীত উপস্থিত হোৱা ফৰেনচিক দলক সামগ্ৰীসমূহ ফৰেনচিক পৰীক্ষাৰ বাবে আৰক্ষীয়ে চমজাই দিছে।

পুৱা ৪ বজাৰ পৰাই চলি থকা অভিযানটোত মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়কে ধৰি বহু জ্যেষ্ঠ বিষয়াও উপস্থিত আছে।

১০ দিন পূৰ্বে ঘৰটো ভাৰালৈ লোৱা মহিলাগৰাকী শিৱসাগৰৰ আমোলাপত্তিত বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ অভিযান আবেলি চাৰি বজালৈকে অব্যাহত আছে।

অধিক খবৰৰ বাবে অপেক্ষা কৰি থকা হৈছে।