NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আইন সম্পৰ্কে সজাগতা অভিযান

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 18, 2019 6:43 am
IMG-20190517-WA0015

শিৱসাগৰ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ তথা জিলা স্বাস্থ্য সমিতিৰ সৌজন্যত শুকুৰবাৰে শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা দোকান সমূহত “ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আইন, ২০০৩” ৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হয়।

ধঁপাত স্বাস্থ্যৰ বাবে অপকাৰী ই মানুহৰ জীৱনলৈ আনিব পৰা বিভিন্ন বিপদৰ দিশসমূহ দাঙি ধৰি অভিযানত অংশগ্ৰহণকাৰীসকলে বিভিন্নজনক অৱগত কৰে।

এই কাৰ্যসূচীত জড়িত থাকে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰ, জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী হাজৰিকা, মহকুমা স্বাস্থ্য বিষয়াদ্বয় ডাঃ সৌৰভ কুমাৰ গগৈ আৰু ডাঃ হেমন্ত বৰুৱা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, শিৱসাগৰৰ বিষয়ববীয়া সকল।

নগৰৰ প্ৰতিখন ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা দোকানলৈ গৈ ধঁপাত পৰিহাৰ কৰিবলৈ, মুকলিকৈ ধঁপাত বিক্ৰী নকৰিবলৈ আৰু ধঁপাত সম্পৰ্কীয় বিজ্ঞাপন নিয়মানুসৰিহে ৰাখিবলৈ আহ্বান জনায়।

জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু জিলা স্বাস্থ্য সমিতিয়ে  ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত এইদৰে সজাগতা বৃদ্ধিৰ বাবে লোৱা পদক্ষেপক ভূয়ংশী প্ৰশংসা কৰে শিৱসাগৰবাসী ৰাইজে।