NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ মৰনৈত নিশা ধুমুহাৰ তাণ্ডৱ : দুই কিলোমিটাৰ দূৰলৈ উৰি গ’ল ঘৰৰ মূধচৰ টিনপাত

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা May 21, 2019 1:05 pm
IMG_20190521_070758

যোৱা নিশা গোৱালপাৰা জিলাৰ মাজেৰে পাৰ হৈ যোৱা প্ৰচণ্ড ধুমুহাই জিলাখনৰ মৰনৈ, কোদালধোৱা, দহিকাটা, ৰাজাপাৰা, ডূবাপাৰা আদি অঞ্চলত বিস্তৰ ক্ষতি কৰে। ধুমুহাৰ ফলত প্ৰায় সহস্ৰাধিক ৱাসগৃহ ধ্বংস হয়।

ধুমুহাৰ গতি ইমান তীব্ৰ আছিল যে ঘৰৰ মূধচৰ টিনপাট প্ৰায় দুই কিলোমিটাৰ দূৰলৈ উৰি গৈ পৰে। ইফালে অঞ্চলসমূহত গছ গছনি ভাঙি উভালি পৰিও ব্যাপক ক্ষতিসাধন হয়। সম্প্ৰতি অঞ্চলসমূহত গৃহহীন-ক্ষতিগ্ৰস্ত লোকৰ ক্ৰন্দনে এক কৰুণ পৰিবেশৰ সৃষ্টি কৰিছে।

IMG_20190521_070117
ধুমুহাত তচনচ গছ-গছনি। ফটো : নৰ্থইষ্ট নাও

জানিব পৰা মতে মৰনৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চাল উৰুৱাই নিয়াৰ লগতে বতাহ জাকে গোৱালপাৰা সৈনিক স্কুলৰ ব্যাপক ক্ষতি কৰে।

উল্লেখযোগ্য যে ১৭মে’ৰ নিশা জিলাখনৰ কৃষ্ণাইৰ পেটকাটাত অহা এক ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰিছিল। সেই বিধ্বংসী ধুমুহাত প্ৰায় পাঁচ শতাধিক বাসগৃহ ধ্বংস হোৱাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছিল।

সেইদিনাও ধুমুহাৰ ফলত ঘৰৰ মূধচ দুই-তিনি কিলোমিটাৰ আঁতৰলৈ উৰুৱাই নিছিল। সেইকাল ধুমুহাৰ ফলত গৃহহীন হৈ পৰা বহু পৰিয়ালে নিশাটো মুকলি আকাশৰ তলতে পাৰ কৰিবলগীয়া হৈছিল।

আনহাতে, সেইদিনা পেটকাটাৰ ওচৰৰে হাৰিমুৰাৰ নতুন বস্তিতো ধুমুহাই অৰ্ধশতাধিক ঘৰ দুৱাৰ ভাঙি তচনচ কৰিছিল।