NORTHEAST NOW (Assamese)
অসম

ন্যায়াধীশপূৰ্ণ সৰ্বোচ্চ ন্যায়ালয়, ৮ মাহত ইতিহাস সৃষ্টি মুখ্য ন্যাঃ ৰঞ্জন গগৈৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2019 10:31 pm
CJI Ranjan Gogoi Assam NRC: AASU files petition at SC

ভাৰতৰ মুখ্য বিচাৰপতিৰূপে অসম সন্তান ৰঞ্জন গগৈৰ কাৰ্য্যকালৰ পহিলা ৮ মাহৰ ভিতৰতে ন্যায়াধীশেৰে পৰিপূৰ্ণ হ’বলৈ আগবাঢ়িছে সৰ্বোচ্চ ন্যায়ালয়।

কেৱল ন্যায়াধীশৰ আসন পূৰণেই নহয়, ১০গৰাকীকৈ ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱাই আন এক দুৰ্লভ প্ৰাপ্তিৰ গৰাকী হ’বলৈ আগবাঢ়িছে মুখ্য ন্যায়াধীশ গগৈ।

শুকুৰবাৰৰ ভিতৰতে চাৰি ন্যায়াধীশ বি আৰ গাৱাই, সূৰ্য্য কান্ত, অনিৰুদ্ধ ব’চ আৰু এ এচ ব’পান্নাই ন্যায়ালয়খনত বিচাৰপতিৰূপে শপত গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

বাতৰিটো লিখি থকা সময়লৈকে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হৈ আছে ২৭গৰাকী, কিন্তু এই চাৰিজন ন্যায়াধীশৰ শপতগ্ৰহণৰ লগে লগে আৰু নাথাকিব কোনো খালী আসন।

সৰ্বোচ্চ ন্যায়ালয়ৰ মুঠ অনুমোদিত আসন সংখ্যা (মুখ্য ন্যায়াধীশকো ধৰি) ৩১। কিন্তু যোৱা কেইবাটাও দশক ধৰি ন্যায়ালয়খনত পৰিপূৰ্ণ হৈ থকা নাছিল ন্যায়াধীশৰ আসন।

মুখ্য ন্যায়াধীশ গগৈৰ অধ্যক্ষতাত থকা সৰ্বোচ্চ ন্যায়ালয় কলেজিয়ামৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰ কৰাৰ পিছত ৰাষ্ট্ৰপতিয়ে এই নিযুক্তিৰ জাননি ইতিমধ্যে জাৰি কৰিছে।

ফলত নিজ কাৰ্য্যকালত ন্যায়াধীশৰ আসন পূৰণ আৰু ১০গৰাকীকৈ ন্যায়াধীশক শপতবাক্য পাঠ কৰোৱাৰ দুৰ্লভ প্ৰাপ্তি মুখ্য ন্যায়াধীশ গগৈৰ ভাগ্যত প্ৰায় নিশ্চিত হৈছে।

যোৱা অক্তোবৰত মুখ্য ন্যায়াধীশৰূপে প্ৰথমটো মাহতে তেওঁৰ অধ্যক্ষতাৰ কলেজিয়ামে ন্যায়াধীশ হেমন্ত গুপ্তা, সুভাষ ৰেদ্দি, এম আৰ চাহ আৰু অজয় ৰস্ত’গিৰ নাম কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিছিল।

পৰৱৰ্তী সময়ত কলেজিয়ামে ন্যায়াধীশ দিনেশ মহেশ্বৰী আৰু সঞ্জীৱ খান্নাক ন্যায়াধীশৰূপে গ্ৰহণৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

মুখ্য ন্যায়াধীশ গগৈকে ধৰি জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ এচ এ’ ববদে’, এন ভি ৰামানা, অৰুণ মিশ্ৰ আৰু আৰ এফ নৰিমনক লৈ উচ্চতম ন্যায়ালয়ৰ বৰ্তমান কলেজিয়াম গঠিত হৈছে।