NORTHEAST NOW (Assamese)
Popular Stories

তিনিটা স্থান দখলেৰে উজলিল গুৱাহাটী কমাৰ্চ কলেজ

Posted by: অনিৰ্বান পাঠক Updated by: অনিৰ্বান পাঠক May 25, 2019 4:42 pm

শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষৰ ১০ টা স্থানৰ তিনিটা স্থান দখল কৰিলে মহানগৰীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গুৱাহাটী কমাৰ্চ কলেজৰ তিনি গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে।

ফলাফল অনুসৰি বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে নেহা আগৰৱালাই। একেদৰে অৰুনাভ নাথে চতুৰ্থ স্থান আৰু ৰাহুল ৰয়ে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়।

মুঠ ৪৬৫ নম্বৰ লাভ কৰা নেহা আগৰৱালাৰ উচ্চতৰ মাধ্যমিকত বিষয় আছিল ইংৰাজী, ঐচ্ছিক ইংৰাজী, একাউণ্টেনচি, বিজনেছ ষ্টাডিছ, অৰ্থনীতি আৰু বাণিজ্যিক গণিত আৰু পৰিসংখ্যা। নেহাই এতিয়া বাণিজ্য শাখাৰ স্নাতকত নামভৰ্ত্তী কৰিব বুলিও আমাক জানিবলৈ দিয়ে।

চতুৰ্থ স্থান লাভ কৰা অৰুনাভ নাথৰ ইচ্ছা একাউণ্টেনচিক গুৰু বিষয় হিচাপে লৈ স্নাতক পঢ়াৰ। গুৱাহাটী কমাৰ্চ কলেজতেই তেওঁ স্নাতক শিক্ষা গ্ৰহণ কৰিব। তেওঁ উচ্চতৰ মাধ্যমিকত ইংৰাজী, ঐচ্ছিক ইংৰাজী, একাউন্টেনচি, বিজনেছ ষ্টাডিচ, বাণিজ্যিক গণিত আৰু পৰিসংখ্যা আৰু অৰ্থনীতি বিষয়ত সৰ্বমুঠ ৪৬১ নম্বৰ লাভ কৰিছে।

আনহাতে মহাবিদ্যালয়খনৰ পৰা ৪৬০ নম্বৰসহ ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান লাভ কৰা ৰাহুল ৰয়ৰ বিষয় আছিল ইংৰাজী, ঐচ্ছিক ইংৰাজী, একাউন্টেনচি, বিজনেছ ষ্টাডিচ, অৰ্থনীতি আৰু বেংকিং। ৰাহুলৰো একাউন্টেনচিক গুৰু বিষয় হিচাপে লৈ গুৱাহাটী কমাৰ্চ কলেজতেই স্নাতক পঢ়াৰ মন।

উল্লেখযোগ্য যে এইবাৰ শিক্ষানুষ্ঠানখনৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই উত্তীৰ্ণ হৈছে। ইয়াকে লয় শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে।