NORTHEAST NOW (Assamese)
অসম

ফলাফল ঘোষণাৰ এদিন আগৰ পৰা নিখোজ পাঠশালাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ May 25, 2019 10:52 pm

বৰপেটা জিলাৰ পাঠশালাৰ কৃষ্ণ কান্ত সন্দিকৈ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা এইবৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা এগৰাকী ছাত্ৰই আজি ঘোষিত ফলাফলৰ এদিন পূৰ্বৰ সন্ধানহীন হৈ থকাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে যোৱা শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা বৰপেটাৰ ভোগপুৰ গাঁৱৰ জগদিশ শৰ্মা আৰু নমিতা দেৱীৰ একমাত্ৰ পুত্ৰ চিন্ময় শৰ্মাই এইবছৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰিক্ষাত অৱতীৰ্ণ হৈছিল।

এই সম্পৰ্কত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে ছাত্ৰগৰাকীৰ পৰিলায়ৰ লোকৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে কয়, ‘শুকুৰবাৰে চিন্ময়ে কম্পিউটাৰ ক্লাছৰ বাবে পাঠশালালৈ গৈছিল। তেতিয়াৰ পৰাই তেওঁ নিখোজ হৈ থকাৰ লগতে তেওঁৰ মোবাইল ফোনৰো চুইছ অ’ফ হৈ আছে।‘

‘তেওঁৰ কম্পিউটাৰ শিক্ষক গৰাকীয়ে চিন্ময় শুকুৰবাৰে কম্পিউটাৰ ক্লাছত অনুপস্থিত আছিল বুলি জানিবলৈ দিয়ে’ পৰিয়ালৰ লোকে কয়।

চিন্ময়ৰ বন্ধু-বান্ধৱ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে জনোৱা মতে, ‘চিন্ময় অতি শান্ত স্বভাৱৰ ছাত্ৰ।‘

আনহাতে ছাত্ৰজনৰ আজি ঘোষণা হোৱা পৰীক্ষাৰ ফলাফল আশানুৰূপ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

ঘটনা সম্পৰ্কত পাটাচাৰকুচি আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত বজালী আৰক্ষীয়ে ছাত্ৰজনৰ সন্ধান আৰম্ভ কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।