NORTHEAST NOW (Assamese)
অসম

সীতাৰমণৰ ঘোষণা: চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ভাৰতৰ প্ৰথম মানৱবিহীন মহাকাশযান ‘গগণযান’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 1, 2021 1:38 pm
freepres

২০২১-২২ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্বাস্থ্য, যাতায়াত আদিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে মহাকাশ গৱেষণাৰ বিষয়তো গুৰুত্ব আৰোপ কৰিছে।

সেই মৰ্মে আজি সাধাৰণ বাজেট দাখিল কৰি দিয়া বাজেট ভাষণত  কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতৰ বহু প্ৰত্যাশিত মানৱবিহীন ‘গগণযান’ ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত মহাকাশলৈ প্ৰেৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

ক’ৰ’ণাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ‘গগণযান’ৰ উৎক্ষেপন ২০২২ চনৰ পূৰ্বে কৰিব পৰা নাযাব বুলি ধাৰণা কৰা হৈছিল যদিও আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে কৰা ঘোষণাই ‘গগণযান’ৰ উৎক্ষেপনৰ  বিষয়টোক যে চৰকাৰে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে তাকেই প্ৰমাণ কৰিলে।

সীতাৰমণে কয় যে ‘গগণযান’ অভিযান পৰিচালনা কৰাৰ বাবে ইতিমধ্যে চাৰিগৰাকী ভাৰতীয় মহাকাশচাৰীয়ে ৰাছিয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

তেওঁ লগতে কয় যে সাগৰতলিৰ গৱেষণাৰ বাবে বাজেটত ৪০০০ কোটি টকা ধাৰ্য কৰা হৈছে।