NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

ত্ৰিপুৰাত বিএছএফ জোৱানৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 26, 2019 9:15 am
আত্মহত্যা

ত্ৰিপুৰাত বিএছএফৰ এজন জোৱানে ২৪ মে’ত নিজৰ ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে। আত্মহত্যা কৰা বিএছএফ জোৱানজনক অশ্বীনি কুমাৰ (৫০) বুলি চিনাক্ত কৰা হৈছে।  কুমাৰ ৮৬ সংখ্যক বেটেলিয়ানৰ জোৱান আছিল।

অশ্বীনি কমুাৰ জন্মু-কাশ্মীৰৰ নিৱাসী আৰু তেওঁ ত্ৰিপুৰাৰ ধলাইৰ পঞ্চৰত্নত নিৰ্বাচনী কামত নিয়োজিত আছিল। আৰু পঞ্চৰত্নতে জোৱানজনে এখন বাছৰ ভিতৰত সোমাই এই ঘটনা সংঘটিত কৰে। অৱশ্যে জোৱানজনে কি কাৰণত আত্মহত্যা কৰিলে তাক বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।

ঘটনা সংঘটিত হোৱাৰ লগে লগে জোৱানজনক অন্য বিএছএফৰ জোৱানসকলে সমীপৱৰ্তী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে জোৱানজনক মৃত ঘোষণা কৰে। পিছত জোৱানজনৰ মৃতদেহৰ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।