NORTHEAST NOW (Assamese)
অসম

লামডিং সংৰক্ষিত বনাঞ্চলত চিকাৰ কৰিবলৈ আহি বন বিভাগৰ জালত ত্ৰিপুৰাৰ চোৰাংচিকাৰী

Posted by: এন ই নাও নিউজ May 26, 2019 10:51 am

লামডিং সংৰক্ষিত বনাঞ্চলত কালি অৰ্থাৎ ২৫ মে’ত লামডিং বন বিভাগে এটা চোৰাংচিকাৰীক দুটা বন্দুকসহ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰাংচিকাৰীটোক ত্ৰিপুৰাৰ বিজয় চাকমা বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি মতে শনিবাৰে লামডিং বন বিভাগৰ এটা তহলদাৰী দলে বনাঞ্চলৰ ভিতৰত তহল দি থকা অৱস্থাতে বনাঞ্চলখনত চিকাৰ কৰিবলৈ অহা বিজয়ক আটক কৰিবলৈ সক্ষম হয়। লগতে বিজয়ৰ পৰা দুটাকৈ হস্ত নিৰ্মিত বন্দুকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চোৰাংচিকাৰী বিজয়ে দীৰ্ঘদিন ধৰি ত্ৰিপুৰাৰ পৰা আহি লামডিং বনাঞ্চলৰ ভিতৰত অৱস্থিত চাকমা বস্তিত বাহৰ পাতি আছিল। বিজয়ে বন বিভাগৰ কৰ্মীৰ আগত একাংশ চোৰাংচিকাৰীয়ে দীৰ্ঘদিন ধৰি লামডিং বনাঞ্চলত বাহৰ পাতি চিকাৰ কৰি আহিছে বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে।

বৰ্তমান লামডিং বন বিভাগৰ বন কৰ্মীয়ে ধৃত চোৰাংচিকাৰী বিজয়ে দিয়া স্বীকাৰোক্তিৰ পিছত চোৰাংচিকাৰীৰ দলটোৰ আন আন সদ্যসৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।