NORTHEAST NOW (Assamese)
অসম

ড্ৰাগছ ব্যৱসায়ত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ চলচ্চিত্ৰ অভিনেতা নিৰেন শৰ্মা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 27, 2019 5:10 pm
দ্রাগছ, নীৰেন শর্মা

ড্ৰাগছ ব্যৱসায়ত জড়িত হোৱাৰ অভিযোগত অসমীয়া চলচ্চিত্ৰ অভিনেতা নিৰেন শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। লতাশিল আৰক্ষীয়ে অভিনেতাজনৰ লগতে ড্ৰাগছ সহ   পাঁচজনক গ্ৰেপ্তাৰ কৰে ।

দেওবাৰে নিশা প্ৰায় ১১ বজাত উজান বজাৰ চাৰিআলিৰ অভিনেতা নিৰেন শৰ্মাৰ ঘৰত অভিযান চলাই নিৰেন শৰ্মাসহ ৫ জনক লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁলোকক নিৰেন শৰ্মাৰ বাসগৃহ সিদ্ধাৰ্থ এপাৰ্টমেন্টৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে নিৰেন শৰ্মা এগৰাকী চলচ্চিত্ৰ অভিনেতা হিচাপে পৰিচিত। হিয়া দিয়া নিয়া ,যৌৱনে আমনি কৰে আদিকে ধৰি বহু জনপ্ৰিয় ছবিত তেওঁ অভিনয় কৰিছিল। বিশেষকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল শৰ্মাই।

আৰক্ষীৰ জালত পৰাৰ পাছতে শৰ্মাই কেমেৰাৰ সন্মুখতে ড্ৰাগছ বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে যুৱসকলক ড্ৰাগছ নাখাবলৈ পৰামৰ্শ দিয়ে।

“গোটেই গুৱাহাটীৰ যিমান ল’ৰা আছে মোৰ তাত আহে ড্ৰাগছ ল’বলৈ। মই  অনুৰোধ কৰিছো তেওঁলোকে যাতে বেয়া বস্তু নাখায়। উঠি অহা ল’ৰা ছোৱালীক অনুৰোধ কৰো এইবোৰ বেয়া কাম কৰিব নালাগে। তেওঁলোকৰ যাতে অভিভাৱকে চকু দিয়ে। আজিকালি ছোৱালীবোৰ এইক্ষেত্ৰত বেছি হৈছে,”-নিৰেন শৰ্মাই কয়।

জানিব পৰা মতে, নিৰেন শর্মা বৰ্তমান এই ড্ৰাগছ ব্যৱসায়ৰ মুৰব্বী হিচাপে কাম কৰি আছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কেইজন হৈছে ক্ৰমে নিৰেন শৰ্মা(উজান বজাৰ), হিমাংশু হাজৰিকা, সিদ্ধাৰ্থ মেধী, মহেন্দ্ৰ নাথ, (মৰিগাঁও) আৰু ইব্ৰাহিম আলি (উজান বজাৰ)।

আনহাতে, আৰক্ষীয়ে তেওঁলোকৰ পৰা ৪টা মোবাইল, ৪০ টা ড্ৰাগছৰ বটল, ১১টা ভৰ্তি বটল, দুটা চিলিম, এখন চুৰি আৰু কেইবাহাজাৰো টকা জব্দ কৰে।