NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাৰ বাবে সাজু অসম দল

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 29, 2019 2:51 pm
taekwondo

অহা ৪ জুনৰ পৰা ৭ জুনলৈ দিল্লীৰ টালকটৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া আন্তঃৰাষ্ট্ৰীয় ‘কুকিয়ন কাপ’ টাইকোৱানডো চেম্পিয়নশ্বিপৰ বাবে সাজু হৈ উঠিছে বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমি।

ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সন্মান বুটলিবলৈ সক্ষম হোৱা এই একাডেমিখনৰ পৰা এইবাৰো ১১ গৰাকী খেলুৱৈয়ে কুকিয়ন কাপ টাইকোৱানডো চেম্পিয়নশ্বিপত অংশ ল’ব।

উল্লেখ্য যে চেম্পিয়নশ্বিপখনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমিক। আৰু তাৰ পাছতে একাডেমিখনৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ ১১ গৰাকী শ্ৰেষ্ঠ টাইকোৱানডো খেলুৱৈক নিৰ্বাচিত কৰিছে।

সম্প্ৰতি উক্ত ১১ গৰাকী খেলুৱৈক বিগত ডেৰ মাহৰ পৰা হৃদয়ানন্দ দাসৰ তত্ত্বাৱধানত আৰু বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ জ্যেষ্ঠ প্ৰশিক্ষক পাৰ্থ প্ৰতীম হাজৰিকা আৰু আন কেইবাজনো প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰি আছে।

ইফালে পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰো দিল্লীত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনত অসমৰ দলটো উজলি উঠিব বুলি আশাবাদী ক্ৰীড়াপ্ৰেমী সকল।