NORTHEAST NOW (Assamese)
অসম

১১৯ বছৰীয়া পৰম্পৰা ভংগ; কটনিয়ানে পৰিধান কৰিব লাগিব গণবেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2019 4:45 pm
Cotton-University-1140x570

অসমৰ শৈক্ষিক জগতক শতিকাজুৰি নেতৃত্ব দি অহা ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয় (পূৰ্বে কটন কলেজ)ৰ ১১৯ বছৰীয়া পৰম্পৰাক ভংগ কৰি নতুনত্ব দিয়াৰ চেষ্টা কৰিছে বিশ্ববিদ্যায়খনৰ কৰ্তৃপক্ষই।

শিক্ষানুষ্ঠানখনৰ নিয়মাৱলীৰ নতুনকৈ কৰা সংশোধনী অনুসৰি নতুন শিক্ষা বৰ্ষৰ পৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিধান কৰিব লাগিব  অন্য বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিধান কৰাৰ দৰে নিৰ্দিষ্ট কৰা দিয়া গণবেশ।

কটন বিশ্ববিদ্যালয় কতৃপক্ষই প্ৰকাশ কৰা অনুসৰি কেবল উচ্চতৰ মাধ্যমিকত নাম ভৰ্তি কৰা প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীয়েহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰ্দিষ্ট কৰি দিয়া গণবেশ পৰিধান কৰিব লাগিব।

আনহাতে, কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত গঠন কৰি দিয়া তিনিজনীয়া কমিটিয়ে কটনৰ নতুন গণবেশৰ ৰঙ কি হ’ব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব। সকলো ঠিকে থাকিলে অহা জুনৰ পৰা কটনিয়ানে গণবেশ পৰিধান কৰাৰ সম্ভাৱনা আছে।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুশাসনৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কৰ্তৃপক্ষই উল্লেখ কৰে।

উল্লেখযোগ্য যে, পূৰ্বে কটন কলেজ থাকোতে বা ই বিশ্বদ্যালয়ৰ মৰ্যদা পোৱাৰ পাছতো কটনত কোনোধৰণৰ গণবেশৰ ব্যৱস্থা নাছিল। কটনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পচন্দ অনুযায়ী যি কোনো ধৰণৰ মাৰ্জিত পোছাক পৰিধান কৰি শিক্ষাগ্ৰহণ কৰি আহিছিল।