NORTHEAST NOW (Assamese)
অসম

শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে অভিযান : নলবাৰী চহৰৰ পৰা ৪টা শিশু উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2019 9:15 am
child-labour-articles-

শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে চলোৱা এটা অভিযানত সোমবাৰে নলবাৰী চহৰৰ পৰা শ্ৰমিক হিচাপে কাম কৰি থকা কমেও ৪টা শিশুক উদ্ধাৰ কৰা হয়।

জিলা শিশু সুৰক্ষা বিষয়া দীপ্তি ফুকনৰ নেতৃত্বত আৰু জিলা শ্ৰম বিষয়া কবিতা বৰ্মনৰ সহযোগত এটা দলে চহৰখনৰ মাৰুতি হোটেলৰ পৰা ৪টা শিশু উদ্ধাৰ কৰি লৈ আহে।

ইয়াৰ উপৰি জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ৰ দলটোৱে চহৰখনৰ বিভিন্ন হোটেল আৰু প্ৰতিষ্ঠানতো অভিযান চলায় যদিও অন্য স্থানত শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

ইফালে উদ্ধাৰ হোৱা শিশু শ্ৰমিক কেইজনৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বয়সৰ পৰীক্ষা সম্পন্ন কৰি শিশু কল্যান সমিতিৰ আদালতত হাজিৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া যে ৰাজ্যখনত শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ ঘটনা বৃদ্ধিয়ে সচেতন লোকক উদ্বিগ্ন কৰি আহিছে। সংশ্লিষ্ট পক্ষবোৰৰ বিভিন্ন পদক্ষেপ সত্ত্বেও আৰু বেচৰকাৰী সংস্থা কিছুমানৰ সজাগতা সত্ত্বেও বিভিন্ন কাৰণত শিশু শ্ৰমিকৰ হাৰ হ্ৰাস হোৱা নাই।