পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ বাবে সাজু বৰ্ষাপাৰা

দুখনকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ সফল আয়োজনৰ পাছত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এইবাৰ তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আয়োজনৰ সুবিধা লাভ কৰিছে অসম ক্ৰিকেট সন্থাই। ৩ জুন অৰ্থাৎ সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আয়ে প্ৰকাশ কৰা ২০১৯-২০ বৰ্ষৰ ঘৰুৱা শৃংখলাৰ সূচীৰ পৰা এই কথা জানিব পৰা গৈছে।
অৱশ্যে বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগীয়া তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে অপেক্ষা কৰিব লাগিব কেইটামান মাহৰ। ব’ৰ্ডে ঘোষণা কৰা অনুসৰি অহা বছৰহে পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় মেচ চোৱাৰ সৌভাগ্য হ’ব অসমৰ ক্ৰিকেটপ্ৰেমীৰ। কিয়নো এটা টি-টুৱেণ্টি শৃংখলাত অংশ ল’বলৈ অহা বছৰৰ আৰম্ভণিতে ভাৰতলৈ আহিব জিম্বাব’ৱে।
সেই ভ্ৰমণৰ সূচী অনুসৰি বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ছিৰিজৰ প্ৰথমখন মেচ। মেচখন অনুষ্ঠিত হ’ব ৫ জানুৱাৰিত। তিনিখনীয়া টি-টুৱেণ্টি ছিৰিজৰ বাকী কেইখন খেল ক্ৰমে ৭ জানুৱাৰিত ইণ্ডোৰ আৰু ১০ জানুৱাৰিত পুনেত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে ২০১৭ চনৰ অক্টোবৰত প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। ইয়াৰ পাছত যোৱা বৰ্ষৰ ২১ অক্টোবৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হয় আন এখন আন্তঃৰাষ্ট্ৰীয় মেচ। মেচখন অনুষ্ঠিত হৈছিল ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত।
আনহাতে চলিত বছৰৰ আৰম্ভণিতে বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায় ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজত এটা সম্পূৰ্ণ শৃংখলা।
এই সমূহ আন্তঃৰাষ্ট্ৰীয় মেচ সফলতাৰে আয়োজন কৰাৰ সুবাদতে অসম ক্ৰিকেট সন্থাই লাভ কৰিছে আন এখন আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ।