NORTHEAST NOW (Assamese)
অসম

জুৰীয়াত আৰক্ষীৰ অভিযানত তিনিজন চোৰ আটক; জব্দ এটা হস্ত নিৰ্মিত পিষ্টল আৰু দুখন গাড়ী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2019 6:05 pm
Swift Car2019

নগাঁও জিলাৰ জুৰীয়াত আৰক্ষীয়ে অভিযান চলাই এখন চাৰিচকীয়া গাড়ী, এখন দুচকীয়া বাহন আৰু এটা হস্ত নিৰ্মিত পিস্তল জব্দ কৰিবলৈ সক্ষম হয়।

জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পন শইকীয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে জব্দ কৰা ছুইফ্ট ডিজায়াৰ গাড়ী খনৰ লগতে গাড়ীখন চুৰ কৰা তিনিজন চোৰ ক্ৰমে মতলাবুৰ ৰহমান, আজাদ আলী আৰু মানস শইকীয়াক আটক কৰে।

১ জুনত চোৰকেইজনে জুৰীয়াৰ ইন্দ্ৰ বৰা নামৰ এজন গাড়ী চালকৰ ঘৰৰ পৰা এ এছ-০১-বিভি-৭৩৯৯ নম্বৰৰ গাড়ীখন চুৰ কৰিছিল। গাড়ীখন চুৰিহোৱাৰ তিনিদিনৰ ভিতৰতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাটো আৰক্ষীৰ বাবে বৃহৎ সফলতাৰূপে বিবেচিত হৈছে।

আনহাতে, আটক কৰা চোৰ তিনিজনৰ স্বীকাৰোক্তিৰ ভিত্তিত জুৰিয়া আৰক্ষীৰ অভিযানকাৰী দলটোৱে ৩ জুনত নিশা জুৰীয়া মৰাণ গাঁৱৰ মতলাবুৰ ৰহমানৰ ঘৰৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল আৰু এখন ষ্টাৰ চিটি বাইক উদ্ধাৰ কৰে।

স্থানীয় ৰাইজৰ অভিযোগ মতে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা চুৰি-ডকাইতিৰ লগতে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য্য সংঘটিত হৈ আহিছে।