NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামৰ ঐতিহাসিক মিনাৰ স্থানান্তৰকৰণৰ কাম সম্পূৰ্ণ কৰি উভতিল হাৰিয়ানাৰ কাৰিকৰী দলটো

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা June 7, 2019 11:55 am
IMG_20190607_084851_242

নগাঁৱৰ পুৰণিগুদামৰ ১১৭ বছৰীয়া ইতিহাস প্ৰসিদ্ধ মিনাৰটোৰ স্থানান্তৰকৰণৰ সকলো কাৰ্য সফলতাৰে অন্ত পৰিল। অসম্ভৱক সম্ভব কৰি তুলি হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ স্থলি ৰূপে পৰিচিত নগাঁৱৰ পুৰণিগুদামৰ পৰা বিদায় ললে যোৰহাটৰ ৱাকিল আহমেদে আমন্ত্ৰণ কৰি অনা তথা স্থানান্তৰ প্ৰক্ৰিয়াত ব্ৰতী থকা হাৰিয়ানাৰ কাৰিকৰী প্ৰতিষ্ঠান ‘আৰ আৰ এণ্ড চনচ্’ৰ প্ৰতিনিধিয়ে।

শংকৰ-আজানৰ দেশৰ আদৰ্শ গ্ৰহণ কৰি পুৰণিগুদামৰ মুছলিম সমাজে হাৰিয়ানাৰ হিন্দু প্ৰতিনিধিৰ দলটোক বিদায় দিলে গামোচা আৰু জাপিৰে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অভ্যুত্থানেৰে অসম্ভবক সম্ভব কৰি নগাঁৱৰ পুৰণিগুদামৰ  হিন্দু-মুছলমানৰ ঐক্য-সম্প্ৰীতিৰ ৰঙাচূড়া স্বৰূপ বৰ মছজিদৰ মিনাৰটোৰ স্থানান্তৰৰ কাম অৱশেষত সম্পূৰ্ণ কৰিলে হাৰিয়ানাৰ আৰ আৰ এণ্ড চনচ্ নামৰ প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে বিগত প্ৰায় তিনিমাহৰ পৰা মিনাৰটো স্থানান্তৰকৰণৰ কাম হাতত লোৱাৰ পাছত প্ৰতিকূল বতৰকো নেওচি ক্ষীপ্ৰ গতিত মিনাৰ স্থানান্তৰকৰণৰ কাম আগবঢ়াৰ পাছতেই বিগত মে’ মাহৰ ১১তাৰিখে সম্পূৰ্ণ হৈছিল মিনাৰটোৰ ৭৫ ফুট স্থানান্তৰৰ প্ৰক্ৰিয়া। ইয়াৰ পাছতেই মিনাৰটো সগৌৰৱে নিজ স্থানত পুনঃসংস্থাপন হোৱাৰ পাছৰে পৰা দ্ৰুতগতিত চলিছিল মিনাৰটোৰ ভেটি নিৰ্মাণৰ লগতে অন্যান্য মেৰামতিৰ কাম।

অৱশেষত পৱিত্ৰ ৰমজান মাহৰ অন্তত অনুষ্ঠিত হোৱা পৱিত্ৰ ঈদৰ কাৰ্যসূচীৰ মাজতেই হাৰিয়ানাৰ আৰ আৰ এণ্ড চনচ্ নামৰ প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণৰূপে শেষ কৰিলে মিনাৰটোৰ সকলো Lifting-Shifting-ৰ যাৱতীয় কাম-কাজ।

কাম-কাজ শেষ কৰাৰ অন্তত হাৰিয়ানাৰ কোম্পানীটোৱে বিদায় লোৱাৰ সময়ত পুৰণিগুদামৰ মুছলিম সমাজে পিন্ধালে গামোচা আৰু জাপি। বিগত বহু দিন ধৰি পুৰণিগুদামবাসীৰ লগত ককাই-ভাইৰ দৰে থকা হাৰিয়ানাৰ দলটোক পুৰণিগুদামৰ আঞ্জুমান-ই-ইছলামীয়াই জনোৱা অশ্ৰুসিক্ত অভিনন্দনত অভিভূত হৈ পৰা দেখা গ’ল আৰু তাৰ পিছতেই হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ স্থলি ৰূপে পৰিচিত পুৰণিগুদামৰ পৰা বিদায় ল’লে হাৰিয়ানাৰ দলটোৱে।