NORTHEAST NOW (Assamese)
অসম

মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি উত্তেজনা; উত্তেজিত জনতাৰ গণ প্ৰহাৰত নিহত এগৰাকী মহিলা

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী June 7, 2019 10:43 pm
Tinisukia murder

৫ জুনৰ পৰা সন্ধানহীন হৈ থকা দুটা সন্তানৰ মাতৃ ৰাধা তাঁতি (২৩) নামৰ মহিলাগৰাকীৰ মৃতদেহ শুক্ৰবাৰে মহিলাগৰাকীৰ ঘৰৰ পাছফালৰ পুখুৰীৰ পৰা উদ্ধাৰ হোৱাৰ পাছত উত্তেজনাময় পৰিবেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত।

গাৰ নোম শিহৰিত কৰি তোলা ঘটনাটো সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ চেউপুৰ চাহ বাগিচা অঞ্চলত।

সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত মহিলাগৰাকীৰ মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ হোৱাৰ পাছতে উত্তেজিত জনতাই মৃত মহিলাগৰাকীৰ স্বামী অজয় তাঁতি আৰু মাতৃ যমুনা তাঁতিক আক্ৰমণ কৰে। উত্তেজিত জনতাৰ নিৰ্বিচাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যমুনা তাঁতিক পাছত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখযোগ্য যে, বিগত দুটা বছৰত অসমত গণ প্ৰহাৰৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

তিনিচুকীয়া আৰক্ষী থানাৰ এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে ৰাধা তাঁতিক হত্যা কৰি পুখুৰীত পেলাই থোৱা বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰহোৱা মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আৰক্ষী বিষয়াগৰাকীয়ে মন্তব্য কৰে।

আনহাতে, গণ প্ৰহাৰৰ ঘটনাত জড়িত থকা সকলো লোকক আটক কৰা হ’ব বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰি কয় যে আইন কোনো লোকে হাতত তুলি লোৱা উচিত নহয়। এনে কাৰ্য্য সংঘটিত কৰা প্ৰত্যকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।