NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বিনামূলীয়া কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰৰ সফল সমাপ্তি

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ June 10, 2019 12:41 pm
দেওবাৰে শিৱসাগৰ চহৰৰ মিলন মন্দিৰত মাৰোৱাৰী যুৱ মঞ্চ শিৱসাগৰ শাখাৰ লগতে প্ৰগতি শাখা আৰু মাৰোৱাৰী পঞ্চায়ত জনদতব্য সমিতিয়ে আয়োজন কৰা কেঞ্চাৰ ৰোগ পৰীক্ষা আৰু সজাগতা শিবিৰৰ সফল সমাপ্তি ঘটে। এখন অত্যাধুনিক চলন্ত বাহনত সংযোজিত কেন্সাৰ স্কেনিং চেণ্টাৰত ১৪৭ জন ব্যক্তিয়ে কৰ্কট ৰোগৰ পৰীক্ষা কৰাৰ লগতে প্ৰায় ১০০ গৰাকী ব্যক্তিয়ে উচ্চ ৰক্ত চাপ, মধুমেহকে ধৰি বিভিন্ন ৰোগৰ পৰীক্ষা কৰে।
শিবিৰৰ আৰম্ভনিতে পৱন কেজিৰৱালৰ সঞ্চালনাত অনুষ্ঠিত উদ্ধোধনী সভাত সভাপতিত্ব কৰে মাৰোৱাৰী যুৱ মঞ্চৰ অধ্যক্ষ চম্পালাল তেচনীৱালে। সভাত বিনোদ আগৱালা, বিজয় কুমাৰ ছাৱচাৰিয়া, মমতা কেডিয়াৰ লগতে শিৱসাগৰ জিলাৰ সত্ৰ ন্যায়াধীশ এছ কে পোদ্দাৰ, চাওলুং চ্যুকাফা চুপাৰ স্পেচিয়েলিষ্ট হস্পিতেলৰ চি ই অ ডাঃ প্ৰকাশ খৌলনেকৰ উপস্থিত থাকে।
পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত উক্ত শিবিৰত শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ পৰা ডাঃ শেখৰ জ্যোতি ভূঞাৰ নেতৃত্বত চিকিৎসক আৰু নাৰ্চৰ এটা দলৰ লগতে চাওলুং চ্যুকাফা চুপাৰ স্পেচিয়েলিষ্ট হস্পিতেলৰ ডাক্তৰ আৰু নাৰ্চৰ এটা দল তথা ডাঃ এন কে চৌধৰী, ডাঃ বিমান গগৈ, ডাঃ ৰৌহিত পঞ্চাৰী আদিয়ে সহযোগ কৰে।
মাৰোৱাৰী যুৱ মঞ্চই লোৱা এই পদক্ষেপক জিলা সত্ৰ ন্যায়াধীশ এছ কে পোদ্দাৰে প্ৰশংসা কৰাৰ লগতে অনাগত দিনত এনে ধৰণৰ জনকল্যান মূলক কাৰ্যত তেওঁ পূৰ্ণ সহযোগ আগবঢ়াব বুলি কয়।